/asomiyapratidin/media/media_files/2026/02/04/50-2026-02-04-20-57-00.jpg)
ডিজিটেল ডেস্ক : আজি ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণক সমর্থন জনাই ধন্যবাদসূচক প্ৰস্তাৱত কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয়- হাজাৰ বছৰ ধৰি অসম ভাৰতৰ এক অবিচ্ছেদ্য অংশ।
ভাষা, সংস্কৃতি, ইতিহাস, কলা, আধ্যাত্মিকতা সকলোতে আমি গৌৰৱশালী অসমীয়া, গৌৰৱশালী ভাৰতীয়। কিন্তু দুখৰ কথা, দেশ বিভাজনৰ সময়ত এইখন অসমেই কংগ্ৰেছৰ শীর্ষ নেতৃত্বৰ ভুল বা অৱহেলাৰ বাবে আজি পাকিস্তানৰ অংগ হৈ থাকিলহেঁতেন।
সেই সময়ৰ ভাইচৰয় লর্ড মাউন্টবেটেনৰ ১১ এপ্রিল ১৯৪৭ তাৰিখৰ এক সাক্ষাৎকাৰৰ পৰা পোৱা তথ্য অনুসৰি মাউন্টবেটেনে জৱাহৰলাল নেহৰুক সতৰ্ক কৰিছিল যে জিন্নাই অসমৰ বিভাজন দাবী কৰিব পাৰে। নেহৰুয়ে উত্তৰ দিছিল যে এয়া এক যুক্তিসংগত অনুৰোধ আৰু সহজেই মানি ল'ব পাৰি।'
অসমৰ প্ৰতি কংগ্ৰেছৰ অৱজ্ঞা-অৱহেলাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে একেটা প্রসংগত পুনৰ কয় যে, 'মুছলিম লীগে বিচাৰিছিল, জিন্নাই বিচাৰিছিল আৰু নেহৰুয়েও মানি লৈছিল, কিন্তু সেয়া সম্ভৱ নহ'ল কাৰণ অসমৰ সু-সন্তান লোকপ্রিয় গোপীনাথ বৰদলৈ আৰু অসমৰ জনতাই তাৰ বিৰোধ কৰিছিল।
সেই সংকটৰ সময়ত অসমৰ সৈতে থিয় হৈছিল মহাত্মা গান্ধী, স্বাধীনতা সেনানী শৰৎ চন্দ্ৰ বসু আৰু ড° শ্যামাপ্রসাদ মুখার্জী। সেইবাবেই অসম পাকিস্তানৰ অংশ নহ'ল । স্বাধীনতা সেনানী লোকপ্রিয় গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্রী হ'ল আৰু তেওঁ নিজৰ সমগ্ৰ জীৱন অসম আৰু উত্তৰ-পূৱৰ স্বাধীনতা আৰু উন্নয়নৰ বাবে উৎসৰ্গা কৰিছিল।
পাঁচ দশক ধৰি অসমৰ জনতাই এই মহান লোকজনৰ বাবে যোগ্য সন্মান দাবী কৰি আহিছিল, কিন্তু কংগ্ৰেছ চৰকাৰে আওকাণ কৰি আহিছিল। প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন এনডিএ চৰকাৰৰ দিনতহে ১৯৯৯ চনত বৰদলৈ ডাঙৰীয়াক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল।
কেৱল লোকপ্রিয় গোপীনাথ বৰদলৈকেই নহয়, অসম প্রদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি, স্বাধীনতা সেনানী ছবিলাল উপাধ্যায়কো উপেক্ষা কৰিছিল কংগ্ৰেছে, কিন্তু মাননীয় নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাত বিজেপি চৰকাৰে কেৱল তেওঁক সন্মান দিয়াই নহয়, বিগত সপ্তাহত অসমৰ ৰাজধানী দিছপুৰত তেওঁৰ প্ৰতিমূর্তিও স্থাপন কৰা হৈছে।
কেন্দ্রীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই তেওঁৰ ভাষণত চাহ শ্রমিকসকলৰ প্ৰতি কংগ্ৰেছে কৰা শোষণৰ কথা উল্লেখ কৰি কয় যে- 'অসমৰ বিখ্যাত চাহ শিল্পৰ এতিয়া ২০০ বছৰ পূৰ্ণ হৈছে। অসমৰ সমাজ, সংস্কৃতি আৰু অৰ্থনীতিত অসমৰ চাহ শ্ৰমিকসকলৰ অৱদান প্রভূত।
ইংৰাজ আহিল, গুচি গ'ল; কংগ্ৰেছৰ চৰকাৰ আহিল কিন্তু আমাৰ চাহ শ্রমিকসকলৰ ওপৰত শোষণ বন্ধ নহ'ল। ২০০ বছৰ ধৰি একেটুকুৰা ভূমিতে বাস কৰি থকাৰ পিছতো এজন চাহ শ্রমিক আৰু তেওঁৰ পৰিয়ালক সেই ভূমিৰ অধিকাৰ দিয়া হোৱা নাছিল।
২০০ বছৰৰ পিছত আজি ৩ লাখ ৩০ হাজাৰ চাহ শ্রমিক পৰিয়ালক মাটিৰ অধিকাৰ দিয়াৰ প্ৰক্ৰিয়া সন্মানীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাত ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে। বিহু আৰু বাগুৰুম্বা নৃত্যৰ দৰেই যেতিয়া বিগত বছৰত ১০,০০০ চাহ বাগিচাৰ যুৱক-যুৱতীয়ে চাহ বাগিচাৰ কৃষ্টি ঝুমুৰ নৃত্য প্রদর্শন কৰিছিল, তেতিয়া মোদী ডাঙৰীয়া তেওঁলোকৰ মাজত উপস্থিত আছিল আৰু আমাৰ চাহ বাগিচাৰ সংস্কৃতিক দেশৰ লগতে বিশ্বলৈকে লৈ গৈছিল।'
অসম আৰু অসমীয়াৰ আবেগ-অনুভূতিক কংগ্ৰেছে বাৰে বাৰে অপমান কৰাৰ অভিযোগ আনি নিজৰ ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দশক দশক ধৰি অসমৰ জনতাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক ভাৰত ৰত্নেৰে সন্মানিত কৰাৰ দাবী কৰি আহিছিল আৰু অৱশেষত মোদী চৰকাৰে ড° ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰিলে।
কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি মল্লিকার্জুন খর্গেই তেতিয়া উপহাস কৰি কৈছিল- এই সন্মান এজন গায়ককহে দিয়া হ'ল। তেওঁৰ বক্তব্যই উত্তৰ-পূৱ ভাৰতৰ সংস্কৃতিক অৱজ্ঞা আৰু হেয় কৰিছিল। কাৰণড° ভূপেন হাজৰিকা কেৱল এজন গায়ক নাছিল।
তেওঁ বিশ্ববিদ্যালয়ৰ অধ্যাপক, লেখক, কবি, চলচ্চিত্র নির্মাতা, গায়ক, গীতিকাৰ, চিন্তাবিদ আৰু সমাজ সংস্কাৰক আছিল। তেওঁ সংগীত নাটক একাডেমী ফেল’শ্বিপ, সংগীত নাটক একাডেমী বঁটা, অসম ৰত্ন, ৪ বাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা বিজেতা, দাদাচাহেব ফালকে বঁটা, পদ্মশ্রী, পদ্মভূষণ, পদ্মবিভূষণ আৰু বাংলাদেশ চৰকাৰৰ পৰা সর্বোচ্চ সন্মান লাভ কৰোঁতা সংগীত নাটক একাডেমীৰ অধ্যক্ষও আছিল।
১৯৫২ চনতে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা "অডিঅ'-ভিজুৱেল টেকনিকছ ইন এডুকেচন" বিষয়ত পিএইচডি কৰিছিল আৰু এই মহান ব্যক্তিত্বক কংগ্ৰেছ আৰু খার্গেই উপহাস কৰি কৈছিল, ভাৰত ৰত্ন কেৱল এজন গায়ককহে প্ৰদান কৰা হ'ল।
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পবিত্র মাৰ্ঘেৰিটাই ভাষণত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত ৭,২০০ কিলোমিটাৰতকৈ অধিক ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৫০ হাজাৰ কিলোমিটাৰ গ্ৰাম্য পথ নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ পুনৰ উল্লেখ কৰে যে শেহতীয়াকৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোগাযোগ সহজ কৰিবলৈ তথা বন্যপ্রাণীক সুৰক্ষা দিবলৈ প্রায় ৭,০০০ কোটি টকা ব্যয়ৰে ৩৪ কিঃমিঃ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ শিলান্যাস কৰিছে।
এই প্ৰসংগতে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে, আজি কেৱল অসম বা ভাৰতৰ লোকেই নহয়, বিশ্বৰ বন্যপ্রাণীপ্রেমীসকলেও এই পদক্ষেপৰ প্ৰশংসা কৰিছে যদিও অসমৰ এজন অসমৰ কংগ্ৰেছ সভাপতিজনে কৈছে- এই কৰিডৰ নির্মাণ হ'ব নালাগে, ইয়াৰ পৰা ধূলি-মাটি উৰিব।
ছেমি কণ্ডাক্টৰ উদ্যোগৰ কথা উল্লেখ :
অসমত নির্মীয়মান ২৭,০০০ কোটি টকা ব্যয় সাপেক্ষ ছেমি কণ্ডাক্টৰ উদ্যোগৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে, সোনকালেই আমেৰিকা হওক বা ইংলেণ্ড, গাড়ী হওক বা কম্পিউটাৰ-সকলোতে ব্যৱহৃত প্রতিটো চিপত লিখা থাকিব Made in India, Made in Assam ।
কিন্তু এনে এটা ঐতিহাসিক বিকাশৰ প্ৰতিও কংগ্ৰেছৰ সঁহাৰি আছিল ঋণাত্মক। কংগ্ৰেছ তথা খাৰ্গেৰ পুত্ৰই কৈছিল, অসমত এই উদ্যোগৰ কি দৰকাৰ, অসমত কোনো প্রতিভা নাই। এয়া অসমবাসীৰ বাবে এক অপমান। মোদী ডাঙৰীয়াক ধন্যবাদ যে তেখেতে অসমৰ যুৱশক্তিৰ ওপৰত সদায় আস্থা আৰু বিশ্বাস পোষণ কৰি আহিছে।
ভাষণৰ সামৰণিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গতিশীল আৰু দূৰদৰ্শী নেতৃত্বত অসম আগুৱাই গৈ আছে। আমি কংগ্ৰেছৰ শীর্ষ নেতৃত্বক অসমলৈ ৰাজনৈতিক পর্যটক হিচাপে আমন্ত্রণ জনাইছোঁ। তেতিয়া তেওঁলোকে দেখিব যে অসম কেনেকৈ বিকশিত হৈ আগুৱাই গৈ আছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us