/asomiyapratidin/media/media_files/2025/08/10/71-2025-08-10-20-10-41.jpg)
ডিজিটেল সংবাদ, বোকাখাত : দেওবাৰে গোলাঘাটৰ মৰঙিৰ ফলঙনীত উপস্থিত হয় অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং। নৈ ,মাটি, আকাশ,অৰণ্য হক বৰেণ্য শীৰ্ষক এখন সজাগতা সভাত অংশগ্ৰহণ কৰে পদ্মশ্ৰী যাদৱ পায়েঙে।
১৯৫৮ চনতে স্থাপিত হোৱা ফলঙনি বীজ পাম পৰিদৰ্শন কৰি পাম অইলৰ খেতিৰ বিৰোধিতা কৰে অৰণ্য মানৱ গৰাকীয়ে। অৰণ্য মানৱগৰাকীয়ে ফলঙনী বীজ পামৰ ১০ হেক্টৰ ভূমি ৰামদেৱৰ পটঞ্জলী ফুড লিমিটেডক পাম অইলৰ নাৰ্ছাৰী কৰিবৰ বাবে প্ৰদান কৰা স্থানসমূহো পৰিদৰ্শন কৰে। লগতে পাম অইলৰ নাৰ্ছাৰীৰ বিৰোধিতা কৰে অৰণ্য মানৱগৰাকীয়ে।
ভূগৰ্ভস্থ পানীৰ পৰিমাণ দিনক দিনে হ্ৰাস পাই আহিছে ১০০ বছৰৰ পিছত পৃথিৱীত পানীৰ তীব্ৰ অনাতন হ'ব বুলিও মন্তব্য কৰে যাদৱ পায়েঙে। পাম অইলৰ খেতিৰ বাবে মিজোৰামত এখন নৈ ভয়ংকৰভাৱে শুকাই গৈছে গতিকে উত্তৰ পূৰ্বাঞ্চলত পাম অইলৰ খেতি নকৰিবলৈ আহ্বান জনাই অৰণ্য মানৱগৰাকীয়ে।
সভাখনত উপস্থিত থকা আন এজন পৰিৱেশবিদ অপুৰ্ব বল্লভ গোস্বামীয়ে ফলঙনি বীজ পামক পাম খেতিৰ থলিলৈ পৰিবৰ্তন কৰি ৰামদেৱক গতাব খোজা চৰকাৰৰ এই সিন্ধান্তক হঠকাৰী আখ্যা দিয়ে। তেওঁ কয় - ফলঙনী অঞ্চলত পাম অইলৰ খেতি কৰাৰ লগে লগে অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিকে আদি কৰি অন্যান্য কৃষিটো বিৰূপ প্ৰভাৱ পৰিব গতিকে চৰকাৰে কাৰ প্ৰৰোচনাত পৰি ৰামদেৱক এই কৃষি পামখন গতাবলৈ লৈছে, ই অতি দুৰ্ভাগ্যজনক। লগতে অতি শীঘ্ৰেই চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই বিশিষ্ট পৰিৱেশবিদগৰাকীয়ে।