/asomiyapratidin/media/media_files/2025/08/25/175-2025-08-25-10-24-13.jpg)
ডিজিটেল ডেস্ক : অহা ১৫ বছৰৰ বাবে ভাৰতে গ্ৰহণ কৰিব লগা মহাকাশ অভিযানৰ বিষয়ে সবিশেষ তথ্য দাঙি ধৰিছে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে। তেওঁ কয়- অহা ১৫ বছৰত ভাৰতে উৰুৱাব শতাধিক উপগ্ৰহ। এই উৎক্ষেপণ কাৰ্যসূচী চৰকাৰকে ধৰি ব্যক্তিগত খণ্ডৰ ফালৰ পৰাও সহায়- সহযোগ লোৱা হ’ব।
বিকশিত ভাৰতৰ অধীনত মহাকাশ প্ৰযুক্তি আৰু অধিক উন্নত কৰাৰ উদ্দেশ্যে এই অভিযান চলোৱা হ’ব বুলি তেওঁ জনায়। তদুপৰি দেশৰ আভ্যন্তৰীণ নিৰাপত্তা, জৰুৰীকালীন অৱস্থা আদি অধিক উন্নত কৰাৰ উদ্দেশ্যে এনে অভিযানক অগ্ৰাধিকাৰ দিয়া হৈছে।