২০২৫ বিত্তীয় বৰ্ষত ভাৰতৰ দুগ্ধজাত সামগ্ৰীৰ ৰপ্তানি ৮০ শতাংশ বৃদ্ধি

বৃদ্ধি পাইছে দেশৰ দুগ্ধজাত সামগ্ৰীৰ ৰপ্তানিৰ হাৰ। চলিত বিত্তীয় বৰ্ষত ভাৰতৰ দুগ্ধজাত সামগ্ৰীৰ ৰপ্তানি ৮০ শতাংশপৰ্যন্ত বৃদ্ধি পাইছে।

author-image
Asomiya Pratidin
New Update
131

ডিজিটেল ডেস্ক : বৃদ্ধি পাইছে দেশৰ দুগ্ধজাত সামগ্ৰীৰ ৰপ্তানিৰ হাৰ। চলিত বিত্তীয় বৰ্ষত ভাৰতৰ দুগ্ধজাত সামগ্ৰীৰ ৰপ্তানি ৮০ শতাংশপৰ্যন্ত বৃদ্ধি পাইছে। 

উল্লেখযোগ্য যে, আমেৰিকাৰ সৈতে হোৱা বাণিজ্যিক চুক্তিত আমেৰিকাৰ পৰা দুগ্ধ আমদানি এক ডাঙৰ অচলাৱস্থা হৈ থকাৰ সময়তে গাখীৰৰ সৰ্বাধিক উৎপাদক ভাৰতে দুগ্ধজাত সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰি আহিছে। বিশ্বৰ উৎপাদনৰ ২৪ শতাংশ অংশ লৈ ভাৰত বিশ্বৰ শীৰ্ষতম গাখীৰ উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। 

অৱশ্যে ঘৰুৱা ব্যৱহাৰৰ অধিক বাবে বিশ্বৰ দুগ্ধ ব্যৱসায়ত ইয়াৰ অৱদান ০.২৫ শতাংশত কম হৈয়েই আছে।

ৰপ্তানি