প্ৰতিটো সমষ্টিত গড়ে ২৩ হাজাৰকৈ মুঠ, ৫৬ লাখ ভোটাৰৰ নাম বাদ পৰিব বিহাৰৰ ভোটাৰ তালিকাৰ পৰা

বিহাৰৰ সংশোধিত ভোটাৰ তালিকা সন্দৰ্ভত নিৰ্বাচন আয়োগে দিয়া বক্তব্য শুধৰণি কৰি কয় যে নতুন সংশোধিত ভোটাৰ তালিকাৰ পৰা প্ৰায় ৫২ লাখ ব্যক্তিৰ নাম বাদ পৰিব পাৰে। 

author-image
Tushar Pratim
New Update
প্ৰতিটো সমষ্টিত গড়ে ২৩ হাজাৰকৈ মুঠ, ৫৬ লাখ ভোটাৰৰ নাম বাদ পৰিব বিহাৰৰ ভোটাৰৰ তালিকাৰ পৰা

ডিজিটেল ডেস্কঃ বিহাৰৰ সংশোধিত ভোটাৰ তালিকা সন্দৰ্ভত নিৰ্বাচন আয়োগে দিয়া বক্তব্য শুধৰণি কৰিছে। মঙলবাৰে আয়োগে কৈছিল যে নতুন সংশোধিত ভোটাৰ তালিকাৰ পৰা প্ৰায় ৫২ লাখ মৃত, বদলি আৰু অযোগ্য ব্যক্তিৰ নাম বাদ পৰিব পাৰে। 

Advertisment

সেই বক্তব্য শুধৰণি কৰি বুধবাৰে আয়োগে কয় যে সংশোধিত ভোটাৰ তালিকাৰ পৰা কমেও ৫৬ লাখ ভোটাৰৰ নাম বাদ পৰিব।বুধবাৰে আয়োগে কয় যে বাদ পৰা নামসমূহৰ ভিতৰত কমেও ২০ লাখ নাম মৃত ব্যক্তিৰ। সেই প্ৰমাণ আয়োগৰ হাতত আছে।

ভোটাৰ তালিকাৰ পৰা বাদ পৰা আন ২৮ লাখ ভোটাৰ এতিয়া বিহাৰৰ স্থায়ী বাসিন্দা নহয়। তেওঁলোকে আন ৰাজ্যত বাস কৰে। বাকী থকাসকলৰ ভিতৰত প্ৰায় সাত লাখ ভোটাৰৰ নাম বাদ পৰাৰ কাৰণ হৈছে তেওঁলোকৰ একাধিক ঠিকনাত ভোটাৰ তালিকাত নাম আছে। 

আয়োগৰ অনুমান অনুসৰি ভোটাৰ তালিকাৰ ‘বিশেষ নিবিড় পুনৰীক্ষণ’ (SIR)ত প্ৰতিটো বিধানসভা সমষ্টিত গড়ে ২৩ হাজাৰ নাম বাদ পৰিব পাৰে। উল্লেখ্য যে, চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত বিহাৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। 

ইতিমধ্যে ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুৰীক্ষণক লৈ নিৰ্বাচন আয়োগ বিতৰ্কৰ সন্মুখীন হৈছে।বিহাৰৰ ভোটাৰ তালিকা নিবিড় পুনৰীক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু হৈছে। চলিত মাহৰ দ্বিতীয় সপ্তাহত ন্যায়াধীশ শুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ জয়মল্য বাগচীৰ বিচাৰপীঠে তেওঁলোকৰ শুনানি আৰম্ভ কৰে। 

ইয়াৰ ভিতৰত নিৰ্বাচন আয়োগে কেনেকৈ সংশোধিত ভোটাৰ তালিকা প্ৰকাশ কৰিব পাৰে সেই লৈ প্ৰশ্ন উত্থাপন কৰিছিল।এই গোচৰত সংবিধানৰ ৩২৪ নং অনুচ্ছেদত উল্লেখ কৰা ‘ক্ষমতা আৰু বিচাৰ ক্ষমতা’ৰ উদ্ধৃতি দি আয়োগে যুক্তি দিছিল যে সমগ্ৰ প্ৰক্ৰিয়াটো সুসংহত আৰু সাংবিধানিক পদ্ধতিৰে চলি আছে। 

১৭ জুলাইত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ-২০২৫ ত আধাৰ কাৰ্ড, ভোটাৰ আইডি আৰু ৰেচন কাৰ্ড বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু মঙলবাৰে আয়োগে উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে আধাৰক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে বিবেচনা কৰিব নোৱাৰি।

আয়োগে দাবী কৰিছে যে আধাৰ কাৰ্ড আচলতে কেৱল পৰিচয় পত্ৰহে, নাগৰিকত্বৰ প্ৰমাণ নহয়। ভোটাৰ তালিকাত নতুনকৈ নাম পঞ্জীয়নৰ বাবে ভোটাৰ আই ডিও চূড়ান্ত পৰিচয় পত্ৰ হ’ব নোৱাৰে বুলিও আয়োগে প্ৰকাশ কৰিছে। 

এই গোচৰত আয়োগে উচ্চতম ন্যায়ালয়ৰে পুৰণি ৰায়ৰ উদ্ধৃতি দিছে। উচ্চতম ন্যায়ালয়ে কৈছিল যে নাগৰিকত্ব পৰীক্ষা কৰাটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰহে দায়িত্ব, এয়া নিৰ্বাচন আয়োগৰ যোগ্যতাৰ ভিতৰত নপৰে। কিন্তু আয়োগে যুক্তি আগবঢ়ায় যে সাংবিধানিক প্ৰতিষ্ঠান হিচাপে ভোটাৰ তালিকাত নাম পঞ্জীয়নৰ পূৰ্বে তেওঁলোকে নাগৰিকত্ব পৰীক্ষা কৰিব পাৰে।

বিহাৰ নিৰ্বাচন আয়োগ উচ্চতম ন্যায়ালয়