/asomiyapratidin/media/media_files/2025/09/11/312-2025-09-11-18-13-16.jpg)
ডিজিটেল ডেস্ক : সাধাৰণতে কোনো উপাস্য দেৱতাক সেৱা জনাবলৈ ভক্তই উপবাসে থাকে। দিনটো উপবাসে থাকি ঈশ্বৰক প্ৰাৰ্থনা কৰিলে মনোবাঞ্চা পূৰণ হয় বুলি এক লোকবিশ্বাস আছে।
দিনৰ দিনটো উপবাসে থকাৰ পাছত ভক্তই মঠ- মন্দিৰলৈ গৈ তাত পূজা- অৰ্চনা সম্পন্ন কৰি ভোগ হিচাপে নিৰামিষ আহাৰ গ্ৰহণ কৰে। কিন্তু আপুনি জানি আচৰিত হ’ব যে, ভাৰততে এনে কেইটিমান মন্দিৰ আছে, য’ত ভক্তক ভোগ হিচাপে আমিষ আহাৰ গ্ৰহণ কৰিবলৈ দিয়া হয়। য’ত থাকে ছাগলী, ম’হ আদিৰ মাংস।
সেই ভোগ গ্ৰহণ কৰিলেহে ভক্তৰ মনোকামনা সিদ্ধি হয় বুলিও এক প্ৰবাদ আছে। পিছে এই মন্দিৰকেইটা ক’ত আছে জানেনে ? হয়- অসমৰ মা কামাখ্যা মন্দিৰ, কলকাতাৰ কালিঘাট মন্দিৰ, ত্ৰিপুৰাৰ কামাখ্যা মন্দিৰ, কেৰালাৰ সৱৰীমালা অয়্যাপ্পা মন্দিৰ, ৰাজস্থানৰ হিংলাজ মাতা মন্দিৰ আৰু মধ্যপ্ৰদেশৰ কালভৈৰৱ মন্দিৰ।
দেশৰ এই ৬টা মন্দিৰত ভোগ হিচাপে ভক্তক আমিষ আহাৰ দিয়া হয়। ভক্তয়ো এই কেউটা মন্দিৰতে বলি বা উচ্ছৰ্গাৰ বাবে ছাগলী, পাৰ, হাঁহ, ম’হ আদি দান দিয়ে। আৰু পৰম তৃপ্তিৰে মন্দিৰৰ প্ৰসাদ আৰু আমিষ ভোগ গ্ৰহণ কৰে।