/asomiyapratidin/media/media_files/2025/10/18/10-2025-10-18-23-05-29.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ : অসম চৰকাৰৰ নিৰ্দেশমৰ্মে শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত ৰাজহুৱাভাৱে স্থানীয় ৰাইজৰ সহযোগত বিস্তৃত কাৰ্যসূচীৰে হেঁপাহৰ কাতি বিহুটি কেন্দ্ৰীয়ভাৱে নিতাইপুখুৰী বাপুটিগঢ়ৰ লাওখোৱা নামঘৰ প্ৰাংগনত উদযাপন কৰা হয়। অনুষ্ঠানটিৰ প্ৰাকক্ষণত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়।
এটি বৰগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত আদৰণী ভাষণ প্ৰদান কৰে সভাপতিৰ পদ অলংকৃত কৰা জিলা কৃষি বিষয়া আচিফ বৰাই। অনুষ্ঠানটিত উপস্থিত থাকি সহকাৰী সঞ্চালক অমৃত শইকীয়াই বিভাগীয় আঁচনিসমূহৰ ওপৰত আলোকপাত কৰে আৰু ইয়াৰ সুবিধা গ্ৰহণ কৰি কৃষক সকলক আগুৱাই যাবলৈ আহ্বান জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/18/whats-2025-10-18-23-05-45.jpeg)
মহকুমা কৃষি বিষয়া গণেশ পহুচুঙী আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয় বিশেষজ্ঞা ডঃ শুভাশ্ৰী দিহিঙীয়াই কৃষক ৰাইজক উদ্দেশ্যে সজাগতামূলক ব্ক্তব্য প্ৰদান কৰে। অনুষ্ঠানটিত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি ৰাজেন বৰুৱা, ড° দিগন্ত গগৈ আৰু উপেন চাংমাই উপস্থিত থাকে। মহকুমা কৃষি বিষয়া নিলাক্ষী শইকীয়া, সহকাৰী কৃষি পৰিদৰ্শক হৰেশ দাস, ভদ্ৰ গগৈ, কৃষি সম্প্ৰসাৰণ সহায়ক নিলোৎপল মহন্তৰ লগতে বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰী তথা শতাধিক স্থানীয় কৃষক ৰাইজ উপস্থিতিত কাতি বিহু তথা কৃষি সজাগতা অভিযান সফলতাৰে উদযাপন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/18/whats-2025-10-18-23-06-01.jpeg)
স্থানীয় আয়তীৰ দ্বাৰা দিহা নামেৰ পিছতে তুলসী বেদী তথা খেতি পথাৰত বন্তি প্ৰজ্বলন আৰু আকাশ বন্তি জ্বলাই দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us