/asomiyapratidin/media/media_files/2025/12/15/469-2025-12-15-17-01-52.jpg)
ডিজিটেল সংবাদ, শিলচৰ : ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে কাছাৰ আৰক্ষীৰ। গোপন তথ্যৰ ভিত্তিত শিলচৰৰ ৰংপুৰত এখন ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰিছে।
মিজোৰামৰ পৰা গুৱাহাটী অভিমুখী AS 01 FC- 0018 নম্বৰৰ ট্ৰাকখনত তালাচী চলাই গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় ৯০,০০০ য়াবা টেবলেট। জব্দ কৰা টেবলেটখিনিৰ আন্তঃৰাষ্ট্ৰীয় ক'লা বজাৰত মূল্য কেইবা কোটি টকা হ'ব।
নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত ব্যক্তি দুজন কাছাৰৰ ধলাই এলেকাৰ ডালিম উদ্দিন লস্কৰ আৰু আবেদ চুলতান বৰভুঞা বুলি সদৰী কৰিছে আৰক্ষীয়ে। বৰ্তমান ধৃত দুই সৰবৰাহকাৰীক শিলচৰ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us