/asomiyapratidin/media/media_files/2025/08/13/91-2025-08-13-20-15-31.jpg)
ডিজিটেল সংবাদ, ৰঙাপৰা : জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে শোণিতপুৰ জিলাৰ ৰঙাপাৰাত সম-জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে। এই উপলক্ষে ভাষণ দি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে আন্তঃগাঁথনি উন্নয়ন আৰু ক্ষীপ্ৰ নীতি ৰূপায়ণৰ জৰিয়তে শাসন ব্যৱস্থা উন্নত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।
জনসাধাৰণৰ ওচৰলৈ প্ৰশাসন ব্যৱস্থাক লৈ যাবলৈ সম-জিলা সৃষ্টি এক গুৰুত্বপূর্ণ উদ্যোগ বুলি তেওঁ মন্তব্য কৰে। ৰঙাপাৰা সম জিলা সৃষ্টিৰ ফলত ৰঙাপাৰাবাসীৰ এক দীৰ্ঘদিনীয়া সপোন পূৰণ হ’ল বুলি তেওঁ কয়।
উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত ২০২৪ চনৰ ৪ আৰু ৫ অক্টোবৰত ৩৯খন সম-জিলা উদ্বোধন কৰা হয়। তাৰ পিছত দ্বিতীয় পৰ্যায়ত ২০২৫ চনৰ ১২ আৰু ১৩ আগষ্টত আৰু ১০খন সম-জিলা উদ্বোধন কৰা হয়, যাৰ ফলত মুঠ সম-জিলাৰ সংখ্যা ৪৯খনলৈ বৃদ্ধি পায়।
মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এতিয়াৰে পৰা ৰঙাপাৰাৰ ৰাইজে তেজপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয় যাবলগীয়া নহ’ব, কিয়নো সম-জিলা আয়ুক্তৰ কাৰ্যালয়তে সকলো প্ৰশাসনিক সেৱা লাভ কৰিব পৰা যাব। ইয়াৰ ফলত ধন আৰু সময় দুয়োটা ৰাহি হ’ব।
তেওঁ অৰুণোদয়, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, আৰু নিযুত মইনা আদি আঁচনিৰ সাফল্যৰ কথাও উল্লেখ কৰে। লগতে তেওঁ অসম লোকসেৱা আয়োগৰ দুৰ্নীতি আৰু অনিয়ম সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাজ্যত এতিয়া কেৱল যোগ্যতাৰ ভিত্তিত নিযুক্তি দিয়া বুলি মন্তব্য কৰে।
মন্ত্ৰী হাজৰীকাই পথ আন্তঃগাঁথনিৰ উন্নতিৰ কথা উল্লেখ কৰি কয় যে ৰাজ্যত ইতিমধ্যে ১৬খন চিকিৎসা মহাবিদ্যালয় আৰু এখন এইমছ স্থাপন কৰা হৈছে আৰু চিকিৎসা শিক্ষাৰ আসনৰ সংখ্যা বৃদ্ধি কৰা হৈছে।
তেওঁ আৰু কয় যে বিগত পাঁচ বছৰত ১০০০ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণৰ ফলত ৰাজ্যখনত বানপানীৰ প্ৰভাৱ উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। বৰ্তমানৰ চৰকাৰে পৰৱৰ্তী পৰ্যায়টো শাসনত থাকিলে বানপানী সম্পূৰ্ণৰূপে নিৰ্মূল কৰা
হ’ব। চৰকাৰী মাটিৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰি খিলঞ্জীয়াৰ পৰিচয় সুৰক্ষাৰ বাবে চলি থকা ৰাজ্য চৰকাৰৰ অভিযানৰ ওপৰতো তেওঁ আলোকপাত কৰে।
আজিৰ অনুষ্ঠানত বিধায়ক কৃষ্ণ কমল তাঁতী, শোণিতপুৰ জিলাৰ আয়ুক্ত, জেষ্ঠ আৰক্ষী অধীক্ষক, সম-জিলা আয়ুক্তসহ অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।