/asomiyapratidin/media/media_files/2025/08/13/88-2025-08-13-18-20-57.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰা : বিটিআৰ পৰিষদীয় নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ তুংগত কৰি থকা সময়তে বিটিআৰ পৰিষদীয় চৰকাৰৰ শাসকীয় ইউ পি পি এল দলেও প্ৰতিখন পৰিষদীয় সমষ্টিত আগন্তক নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰ হোৱা পৰিলক্ষিত হৈছে। তাৰে অংশ হিচাপে ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ মহামায়াৰ দলীয় কাৰ্যালয়ত প্ৰায় দুই শতাধিক কৰ্মীৰ উপস্থিতিত আগন্তক নিৰ্বাচনী ৰণ কৌশল সম্পৰ্কে এখন কৰ্মী সভাত উপস্থিত হয় ইউ পি পি এল দলৰ একমাত্ৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী।
বসুমতাৰীয়ে দলীয় কৰ্মীক আগন্তক পৰিষদীয় নিৰ্বাচনৰ দলীয় ৰণ কৌশলসমূহ অৱগত কৰাৰ লগতে কৰ্মীসকলক একগোট হৈ কাম কৰাৰ বাবে উৎসাহিত কৰে। সভাৰ শেষত সাংবাদিকৰ সাক্ষাৎকাৰত সাংসদগৰাকীয়ে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি কয় যে, হাগ্ৰামা মহিলাৰীৰ এইবাৰ কি হ'ব ভাবি পোৱা নাই, হাগ্ৰামা মহিলাৰী এইবাৰ কোনোপধ্যেই এইবাৰ জিকিব নোৱাৰে, কোকৰাঝাৰ চহৰখন হাগ্ৰামা মহিলাৰীয়ে ভোট বেংক হিচাপে ভাবি লৈছিলে ।
যোৱা পাঁচটা বছৰে নিৰ্বাচিত প্ৰতিনিধি হৈ বড়োলেণ্ড প্ৰদেশীয় পৰিষদীয় বিধানসভাত উপস্থিত নহ'ল। নিজৰ সমষ্টিৰ ৰাইজৰ আশা- আকাংশাসমূহ পূৰণ কৰিবলৈ হ'লে বা তেখেতে প্ৰাক্তন বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য হিচাপে সকলো বিটিচিৰ ৰাইজৰ হৈ কাম কৰিব লাগে।
কেন্দ্ৰত যেতিয়া কংগ্ৰেছৰ চৰকাৰ নাছিলে ,তেতিয়া ড০ মনমোহন সিঙে সাংসদ হিচাপে সদনত আছিলে, এইফালে অসমতো দেখিছো সর্বানন্দন সোনোৱালে চৰকাৰৰ সময়তো তৰুণ গগৈয়ে বিধানসভাত উপস্থিত থাকি চৰকাৰৰ পৰিকল্পনা নীতিক গঠনমূলক সমালোচনা কৰি পৰামৰ্শ দিছিলে। কিন্তু যোৱা পাঁচটা বছৰে মহিলাৰীয়ে এজন নিৰ্বাচিত প্ৰতিনিধি হিচাপে সদনত উপস্থিত নাথাকিলে বাবে হাগ্ৰামা মহিলাৰীৰ সমষ্টিৰ ৰাইজে প্রমোদ বড়োৰ শান্তি প্ৰগতি ঐক্য,সংহতি, সমন্বয় আৰু উন্নয়নৰ আদৰ্শ প্ৰতি আকৰ্ষিতহৈ ইউ পি পি এল দলত যোগদান কৰিছে।
হাগ্ৰামা মহিলাৰীয়ে নিজ দলৰে বিভিন্ন জনগোষ্টীৰ কৰ্মীৰ দাড়ি পোছাকলৈ অপমান কৰা পৰিলক্ষিত হৈছে। মহিলাৰীয়ে ইউ পি পি এল চৰকাৰ গঠন কৰা সময়তেই দুই ,পাঁচ মাহ পিছতেই চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰিছিল। কিন্তু আজি আকৌ নিৰ্বাচন আহি পালে কিন্তু চৰকাৰ গঠন কৰিব নোৱাৰিলে গতিকে হাগ্ৰামা মহিলাৰীৰ কোনো কথাৰ মূল্য নাই, অকল নিজেকেই চীফ বুলি ভাবি থয় কিন্তু ৰাইজৰ কোনো উপকাৰ নকৰে।
বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ট্ৰাইবেল বেল্ট ব্লক আৰু ষষ্ঠ অনুসূচীত এলেকা সম্পৰ্কে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰদান কৰি কয় যে তেখেতে কি কৈছে মই অৱগত নহয় । কিন্তু ট্ৰাইবেল বেল্ট ব্লকলৈয়ে ষষ্ঠ অনুসূচীত এলেকা গঠিত হৈছে।
ষষ্ঠ অনুসূচীত এলেকা দুটা পৰ্য্যায়ত হয়। এটা সম্পূৰ্ণ ষষ্ট অনুসূচীত এলেকা ,য'ত নেকি ১৯৮৬ চনৰ ব্ৰিটিছ আমোলৰ ভূমি আইনৰ ১০ নং অনুচ্ছেদ অন্তৰ্ভূক্ত হৈছে, যেনে কাৰ্বি আংলংত সম্পূৰ্ণ ষষ্ঠ অনুসূচীত এলেকা য'ত ১০নং অনুচ্ছেদ মানে সেই এলেকাত কেৱল জনজাতি মানুহৰহে ভূমিৰ অধিকাৰ আছে।
কিন্তু বিটিচি চুক্তি মতে ইয়াত ১০নং অনুচ্ছেদ প্ৰযোজ্য নহ'ব তাৰ মানে পৰিৱৰ্তনশীল ষষ্ঠ অনুসূচীত এলেকাত সাধাৰণ এলেকা আৰু ট্ৰাইবেল বেল্ট ব্লক এলেকাও থাকিব পাৰে। অনুসূচীত এলেকাত ট্ৰাইবেল বেল্ট ব্লক যে থাকিব পাৰে এইটো সংবিধানৰে বিষয় বস্তু হয়, সাংসদ দিলীপ শইকীয়াই হয়তো সংবিধানৰ এইখিনি বস্তু অৱগত নহয়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ এলেকাত প্ৰথম আৰু দ্বিতীয় নাগৰিক সম্পৰ্কে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে জনজাতি, অনুসূচীত জনজাতি আদি জনগোষ্ঠী অনুন্নত জাতি আৰু অনুন্নত জাতি দ্বিতীয় আৰু তৃতীয় শ্ৰেণীতেই পৰে, সংবিধানে এই অনুন্নত জাতি সমূহক উন্নত জাতিলৈ আনিবলৈ সংবিধানপ্ৰদত্ত আইনেই আছে। ইয়াত যদি দ্বিতীয় শ্ৰেণীৰ নাগৰিক আছে তেন্তে জন জাতি খিলঞ্জীয়া সকলোৱে আছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিআৰত পূৰ্ববংগীয় লোকক উচ্ছেদ কৰা হ'ব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে ইউ পি পি এল চৰকাৰ থকা লৈকে কোনো উচ্ছেদ নহয়। সাংসদগৰাকীয়ে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত ইউ পি পি এল দলৰ সংগঠিন ভেঁটি বহুত মজবুত হৈছে বুলি সদৰী কৰি দাবী কৰে যে এইবাৰ পৰ্বতঝোৰা পৰিষদীয় সমষ্টিটো বি পি এফৰ দখলৰ পৰা ইউ পি পি এলৰ দখলত আহিব।