নুমলীগড়ত বাঁহ ব্যৱহৃত বায়’ ইথান’ল প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

দেশবাসীলৈ বুলি উছৰ্গা কৰা এই প্ৰকল্পটোৰ বাবে কেন্দ্ৰই ব্যয় কৰিছে ৫,০০০ কোটি টকা। উল্লেখযোগ্য যে, বছৰি ৫০ হাজাৰ টন ইথান’ল প্ৰস্তুত হ’ব প্ৰকল্পটোত। 

author-image
Asomiya Pratidin
New Update
350

ডিজিটেল ডেস্ক : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে দুপৰীয়া নুমলীগড়ত উপস্থিত হয়। হেলিকপ্টাৰযোগে উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহ ব্যৱহৃত বায়’ ইথান’ল প্ৰকল্প উদ্বোধন কৰে। 

দেশবাসীলৈ বুলি উছৰ্গা কৰা এই প্ৰকল্পটোৰ বাবে কেন্দ্ৰই ব্যয় কৰিছে ৫,০০০ কোটি টকা। উল্লেখযোগ্য যে, বছৰি ৫০ হাজাৰ টন ইথান’ল প্ৰস্তুত হ’ব প্ৰকল্পটোত। 

একেদৰে এই প্ৰকল্পৰ লক্ষ্য হৈছে উত্তৰ- পূৰ্বাঞ্চলৰ ৪খন ৰাজ্যৰ পৰা ৫লাখ টন বাঁহ আহৰণ কৰা। তাৰোপৰি ৫০ হাজাৰৰো অধিক লোক এই প্ৰকল্পৰ দ্বাৰা লাভান্বিত হ’ব। লগতে ই গ্ৰাম্য অৰ্থনীতিত ২০০ কোটি টকাৰ সংযোজন ঘটাব।

প্ৰকল্পটি উদ্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- আজিৰ এই প্ৰকল্পটো দেশবাসীলৈ বুলি উছৰ্গা কৰিলো। ভাৰতত এতিয়া দ্ৰুত উন্নয়ন হৈছে। আজিৰ সভাত উপস্থিত থকা আটাইকে অসমীয়াত শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰি মোদীয়ে কয়- আজি এই পবিত্ৰ ক্ষণত মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱলৈ শ্ৰদ্ধা নিবেদন কৰিছো। এই প্ৰকল্পৰ দ্বাৰা অসমৰ বাঁহ খেতিয়কসকল যথেষ্ট উপকৃত হ’ব। সভাত তেওঁ ছেমি কণ্ডাক্টৰো কথা উল্লেখ কৰে। 

আজিৰ এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীগৰাৰীয়ে পলিপ্ৰপিন প্ৰকল্পৰো শিলান্যাস কৰে। এই প্ৰস্তাৱিত প্ৰকল্পটোৰ বাবে কেন্দ্ৰই ব্যয় কৰিব ৭,২৩০ কোটি টকা। ইয়াৰ ক্ষমতা হ’ব ৩৬০ লাখ মেট্ৰিক টন। এই প্ৰস্তাৱিত প্ৰকল্পটোৰ জৰিয়তে হাইড্ৰ’কাৰ্বন শৃংখলত বছৰি ১মিলিয়ন টনকৈ কাৰ্বন- ডাই- অক্সাইডৰ পৰিমাণ হ্ৰাস কৰিব। তাৰোপৰি ই বছৰি ৭৫,০০০ কৰ্মদিন সৃষ্টি কৰিব।

উল্লেখযোগ্য যে, আজিৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰমুখ্য কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হৰদীপ সিং পুৰী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া তথা আন আন বিষয়ববীয়াসকল উপস্থিত থাকে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী