কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত প্রধানমন্ত্রী ধন-ধান্য কৃষি যোজনা প্রকল্পৰ শুভাৰম্ভ অনুষ্ঠান

নতুন দিল্লীত পি এম ধন-ধান্য কৃষি যোজনা প্রকল্পৰ শুভাৰম্ভ অনুষ্ঠানৰ লগতে মাহজাতীয় শস্য আত্মনিৰ্ভৰতা অভিযানৰ শুভাৰম্ভ তথা কৃষি আৰু আন্তঃগাঁথনি পুজি, পশুপালন, মীন আৰু খাদ্য সংসাধন খণ্ডৰ ২১০০ৰো অধিক প্ৰকল্পৰ উদ্ধোধন আৰু আধাৰশিলা অনুষ্ঠান সম্পন্ন কৰা হয়

author-image
Asomiya Pratidin
New Update
488

ডিজিটেল সংবাদ, বটদ্ৰৱা : দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ দ্বাৰা শনিবাৰে নতুন দিল্লীত পি এম ধন-ধান্য কৃষি যোজনা প্রকল্পৰ শুভাৰম্ভ অনুষ্ঠানৰ লগতে মাহজাতীয় শস্য আত্মনিৰ্ভৰতা অভিযানৰ শুভাৰম্ভ তথা কৃষি আৰু আন্তঃগাঁথনি পুজি, পশুপালন, মীন আৰু খাদ্য সংসাধন খণ্ডৰ ২১০০ৰো অধিক প্ৰকল্পৰ উদ্ধোধন আৰু আধাৰশিলা অনুষ্ঠান সম্পন্ন কৰা হয়। উক্ত গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ আৰু অসমতো এই আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানৰ অংশ হিচাপে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত আজি বিশেষ কাৰ্য্যসূচী অনুষ্ঠিত হয়।

নগাঁও জিলাৰ শিমলুগুৰিৰ কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত এই অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মুৰব্বী ড০ ভবেশ চন্দ্ৰ ডেকাই "কৃষি বৈচিত্র্য, কৃষি উৎপাদন বৃদ্ধি, খেতি চপোৱাৰ পাছত সংৰক্ষণ ব্যবস্থাৰ আৰু সেই সুবিধা উন্নত কৰা তথা ঋণৰ সহজলভ্যতা কৰা আদি বিষয়ৰ লক্ষ্যৰে অনুমোদিত এই আঁচনিৰ দ্বাৰা দেশৰ কোটি কোটি কৃষকৰ উপকাৰ সাধন হব" বুলি প্ৰকাশ কৰে।

কেন্দ্ৰৰ উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত মনোৰমা মৰাঙে "কৃষি সমাজৰ বাবে গুৰুত্বপূৰ্ণ কিয়নো ই খাদ্যৰ যোগান ধৰে, কেঁচামালৰ যোগান ধৰি আন শিল্পক সহায় কৰে, আৰু অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগায়। কৃষি মানৱ সভ্যতাৰ উত্থানৰ এক মূল কাৰণ হৈছে কৃষি" বুলি ভাষন প্ৰদান কৰে। আন এগৰাকী অতিথি তথা নগাঁও জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱাই "অন্নদাতা তথা কৃষকৰ সন্মান, সমৃদ্ধিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে দ্বাৰা আজিৰ এই আঁচনি সমূহ কৃষকলৈ সুন্দৰ উপহাৰ বুলি প্ৰকাশ কৰে।

অনুষ্ঠানটিত উপস্থিত থাকি মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ হিৰন্য কুমাৰ বৰায়ো কৃষকসকলক উদ্দেশ্যি ধন-ধান্য কৃষি যোজনা, মাহজাতীয় শস্য আত্মনিৰ্ভৰতা অভিযান আদিৰ বিশ্লেষণ কৰে। ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথ আৰু পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেশ ডেকাই ভাষন প্ৰদান কৰা অনুষ্ঠানটিত কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মন, পাম পৰিচালক শংকু মনি শৰ্মা, প্ৰকল্প সহযোগী ৰূপক কুমাৰ টায়ে, আঁচনি সহায়ক বিষ্ণু নাৰায়ণ ফুকনকে আদি কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ কৰ্মচাৰীসকল, প্ৰগতিশীল কৃষক, উদ্যমীকে আদি কৰি প্ৰায় পাঁচ শতাধিক লোক উপস্থিত থাকে।

নগাঁও