কামৰূপ(গ্রাম্য) জিলাত প্ৰতি বছৰে ২,২৮৭ গৰাকী লোক ষ্ট্ৰ'কত আক্রান্ত হয়

দিনক দিনে বৃদ্ধি পাই অহা ষ্ট্ৰ'ক ৰোগীৰ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ বুধবাৰে কামৰূপ (গ্ৰাম্য) জিলাৰ ছয়গাঁৱৰ কলাকৃষ্টি বিকাশ কেন্দ্রত এখন সংবাদমেল আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
8

ডিজিটেল ডেস্ক : প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰি জিএনআৰচি হাস্পতালৰ তৰফৰ পৰা জানুৱাৰী মাহটোক 'ষ্ট্ৰ'ক প্ৰতিৰোধ আৰু সজাগতা মাহ' হিচাপে পালন কৰা হৈছে। দিনক দিনে বৃদ্ধি পাই অহা ষ্ট্ৰ'ক ৰোগীৰ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ বুধবাৰে কামৰূপ (গ্ৰাম্য) জিলাৰ ছয়গাঁৱৰ কলাকৃষ্টি বিকাশ কেন্দ্রত এখন সংবাদমেল আয়োজন কৰা হয়।

সংবাদমেলত উপস্থিত থাকি ষ্ট্ৰ'কৰ বিষয়ে নিজৰ বক্তব্য দাঙি ধৰে জিএনআৰচি দিছপুৰৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ ৰূপজ্যোতি দাস আৰু জিএনআৰচি উত্তৰ গুৱাহাটীৰ স্নায়ুশৈল্য বিশেষজ্ঞ ডা০ ধ্ৰুৱজ্যোতি চৌধুৰী তথা জিএনআৰচি এম্বুলেন্স সেৱাৰ মুৰব্বী ৰছিদুল ইছলামে। দুয়োগৰাকী বিশেষজ্ঞই ষ্ট্ৰ'কৰ চিকিৎসা আৰু প্ৰতিৰোধমূলক দিশসমূহৰ বিষয়ে আলোচনা কৰাৰ বিপৰীতে এম্বুলেন্স সেৱাৰ মুৰব্বী ৰছিদুল ইছলামে ৰোগী চিকিৎসালয়লৈ অনাৰ পূৰ্বৰ যত্ন (Pre-hos-pital-care)- দ্রুত এম্বুলেন্স সেৱাৰ পৰা আৰম্ভ কৰি ৰোগীক সঠিক চিকিৎসা কেন্দ্রলৈ তাৎক্ষনিকভাৱে লৈ যোৱাৰ গুৰুত্বৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰে।

ষ্ট্ৰ'ক এক নীৰৱ ঘাতকৰূপে সমাজত ক্রমান্বয়ে দ্রুতগতিত বৃদ্ধি পাই আহিছে। বর্তমান সমাজত ষ্ট্ৰ'ক বিশ্বজুৰি মৃত্যু আৰু পংগুত্বৰ এক অন্যতম প্রধান কাৰণ হৈ পৰিছে। চিকিৎসকসকলে ইয়াৰ উদ্বেগজনক কাৰকসমূহ আঙুলিয়াই দি জনায় যে, আমাৰ বৰ্ধিত বয়সৰ জনসংখ্যা, শাৰীৰিক পৰিশ্ৰম অবিহনে জীৱনশৈলী, দীর্ঘদিনীয়া মানসিক চাপ, অনিয়ন্ত্ৰিত ৰক্তচাপ আৰু ডায়েবেটিছৰ লগতে ধঁপাত আৰু মদ্যপানৰ ব্যৱহাৰৰ ফলত ষ্ট্ৰ'কৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈছে। অসমত প্রতিদিনে প্রায় ২০০ জন লোক ষ্ট্ৰ'কত আক্রান্ত হয়। 

ৰাজ্যখনত বছৰি ৭২,০০০ তকৈ অধিক ষ্ট্ৰ'ক ৰোগী পঞ্জীয়ন কৰা হয়। কিন্তু ইমান অস্বাভাবিকভাৱে ষ্ট্ৰ'ক ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতো আমাৰ সমাজৰ জনসাধাৰণৰ মাজত ষ্ট্ৰ'কৰ সজাগতাৰ অভাৱ দেখা যায়। ষ্ট্ৰ'কত আক্রান্ত ৰোগীৰ বাবে প্ৰতিটো মুহূর্ত অতি গুৰুত্বপূর্ণ।

ষ্ট্ৰ'কৰ লক্ষণসমূহ চিনাক্ত কৰক :

চিকিৎসকসকলে জনায় যে সৰ্বসাধাৰণ ৰাইজে ষ্ট্ৰ'কৰ প্ৰাৰম্ভিক পৰ্যায়ৰ লক্ষণসমূহৰ বিষয়ে জানিলে ৰোগীক মৃত্যু তথা আজীৱন পংগুত্ব হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে।
তেওঁলোকে সকলোকে F.A.S.T. সূত্ৰটো মনত ৰাখিবলৈ আহ্বান জনায় :

  • F (Face): মুখৰ এফাল বেকা হোৱা
  • A (Arm) : বাহুৰ দুৰ্বলতা বা জিনজিননি
  • S (Speech) কথা কওঁতে অসুবিধা হোৱা বা শব্দবোৰ অস্পষ্ট হোৱা
  • T (Time) : পলম নকৰি লগে লগে এম্বুলেন্সৰ লগত যোগাযোগ কৰা।

ষ্ট্ৰ'ক ৰোগীক 'গ'ল্ডেন আৱাৰ' বা সোণালী সময়ৰ ভিতৰত চিকিৎসা আৰম্ভ কৰিব পাৰিলে বহু ৰোগীক মৃত্যু আৰু আজীৱন পক্ষাঘাত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। ডা০ ৰূপজ্যোতি দাসে জনায় যে "ষ্ট্ৰ'কক আপোনালোকে 'ব্রেইন এটেক' হোৱা বুলি ভাবিব পাৰে। ষ্ট্ৰ'কত আক্রান্ত ৰোগীৰ বাবে প্রতিটো মুহূর্ত অতি মূল্যৱান।  

যেতিয়া মগজুলৈ তেজৰ চলাচল বন্ধ হয়, তেতিয়াই মগজুৰ কোষবোৰ মৰিবলৈ ধৰে। আমি প্রায়ে বহু ৰোগী হাস্পতাললৈ পলমকৈ অহা দেখিবলৈ পাওঁ। হাস্পতাললৈ আহোতে পলম হোৱাৰ বাবে ৰোগীৰ মগজুৰ যথেষ্ট পৰিমাণে ক্ষতি হয়। 

লগতে ষ্ট্ৰ'কৰ আধুনিক চিকিৎসাসমূহ প্রয়োগ কৰি ৰোগীক সহায় কৰিবৰ বাবে ষ্ট্ৰ'ক ব্যৱস্থা থকা হাস্পতালত ৰোগীজনক তিনি ঘণ্টাৰ ভিতৰত ভৰ্তি কৰিব লাগিব। সেয়েহে প্রতিটো মুহূর্ত ৰোগীজনৰ পৰিয়াল সজাগ হৈ থাকিব লাগিব। সেয়েহে যদিহে জনসাধাৰণে ষ্ট্ৰ'কৰ লক্ষণবোৰ বিষয়ে ভালদৰে জানি দ্রুত পদক্ষেপ হাতত ল'লে আমি বহু লোকৰ জীৱন ৰক্ষা কৰিব পাৰিম আৰু পক্ষাঘাটো প্ৰতিৰোধ কৰিব পাৰিম।

আনহাতে ডা০ ধ্রুবজ্যোতি চৌধুৰীয়ে জনাই "আপোনালোকে জানি সুখী হ'ব যে ৯০ শতাংশ ষ্ট্ৰ'ক প্ৰতিৰোধযোগ্য। সৰ্বসাধাৰণ ৰাইজে কিছুমান সাধাৰণ তথা সহজ জীৱন ৰক্ষাকাৰী উপায় অৱলম্বন কৰিলে- যেনে নিয়মিত ৰক্তচাপ পৰীক্ষা কৰা, ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা, ধূমপান আৰু সুৰাপান ত্যাগ কৰা, শাৰীৰিকভাৱে সক্রিয় থকা আৰু মানসিক চাপ নিয়ন্ত্রণ কৰিব পাৰিলে- আমি ষ্ট্ৰ'কৰ পৰা নিজকে বহু পৰিমাণে ৰক্ষা কৰিব পাৰিম। ষ্ট্ৰ'ক মাৰাত্মক যদিও আমাৰ হাতত ইয়াক প্ৰতিৰোধ কৰাৰ ক্ষমতাও আছে।"

এম্বুলেন্স সেৱা হ'ল আপোনালোকৰ বাবে প্ৰথম প্ৰতিৰক্ষা কৱচ বুলি ৰছিদুল ইছলামে সকলোকে পুনৰাই সোঁৱৰাই দিয়ে। ষ্ট্ৰ'কত আক্রান্ত ৰোগীৰ সহায়ৰ বাবে ফোন কৰা মুহূৰ্তৰ পৰাই ৰোগীৰ জৰুৰীকালীন সেৱা আৰম্ভ হয়। 

তেওঁ কয়, "ৰোগীৰ সোনকালে লক্ষণ চিনাক্ত কৰা, ৰোগীক সঠিকভাৱে পৰিচালনা কৰা আৰু তেওঁলোকক 'ষ্ট্ৰ'ক সাজু' (stroke-ready) হাস্পতাললৈ নিয়া- এই সেৱাই এজন ব্যক্তিৰ সুস্থ হোৱা আৰু আজীৱন অক্ষমতাৰ মাজত পাৰ্থক্য আনিব পাৰে।" ষ্ট্র'কত আক্রান্ত ব্যক্তিক 'ষ্ট্ৰ'ক সাজু' (Stroke-ready) হাস্পতালত চিকিৎসাৰ বাবে নিয়াটো কিয় প্রয়োজন?

এই সম্পৰ্কত চিকিৎসকসকলে স্পষ্ট কৰি দিয়ে যে, সকলো হাস্পতাল ষ্ট্ৰ'কৰ জৰুৰীকালীন অবস্থা চম্ভালিবলৈ সক্ষম নহয়। এখন ষ্ট্ৰ'ক সাজু হাস্পতালত ২৪ ঘণ্টাই তলত দিয়া সুবিধাসমূহ থকাটো প্রয়োজন :

  • প্রশিক্ষিত ক্রিটিকেল কেয়াৰ টিমৰ সৈতে 24x7 আই টি ইউ (ICU)
  • 24x7 স্নায়ু ৰোগ বিশেষজ্ঞ উপলব্ধ
  • জৰুৰীকালীন শল্য চিকিৎসাৰ বাবে 24x7 স্নায়ু শল্য বিশেষজ্ঞৰ সুবিধা থকা
  • উন্নত চিকিৎসাৰ বাবে 24x7 নিউৰোভাস্কুলাৰ লেব
  • 24x7 চিটি স্কেন (CT Scan) আৰু লগে লগে ৰিপৰ্ট পোৱাৰ সুবিধা 

ডা০ দাসে লগতে কয়, "যেতিয়া এজন ষ্ট্ৰ'ক ৰোগী আহে, তেতিয়া ৰোগীক ৰাতিপুৱাৰ চিফ্টলৈ ৰৈ থকা বা আন ঠাইলৈ ৰেফাৰ কৰাৰ সময় নাথাকে। ৰোগীক শীঘ্রেই চিকিৎসা প্রদান কৰিবলৈ সকলো বস্তু সকলো সময়তে লগে লগে সাজু থাকিব লাগে।"

উল্লেখ কৰা প্ৰয়োজন যে, জিএনআৰচি হাস্পতাল হৈছে উত্তৰ-পূব ভাৰতৰ ভিতৰত এনে এখন স্বীকৃত ষ্ট্ৰ'ক-বেডী' হাস্পতাল, য'ত এই সকলোবোৰ গুৰুত্বপূৰ্ণ সুবিধা ২৪ ঘণ্টাই সকলো সময়তে একেঠাইতে উপলব্ধ। এখন সুস্থ অসমৰ বাবে জিএনআৰচিৰ দৃষ্টিভংগী, সজাগতা অভিযান, জন সম্পৰ্কৰক্ষী কাৰ্যসূচী আৰু জৰুৰীকালীন টু'ক সেৱা শক্তিশালী কৰাৰ জৰিয়তে এখন 'সুস্থ অসম' গঢ়ি তুলিবলৈ জিএনআৰচি হাস্পতাল সদায় দায়বদ্ধ। 

চিকিৎসকসকলে সংবাদ মাধ্যমকো এই জীৱন ৰক্ষাকাৰী তথ্য প্ৰচাৰ আৰু প্ৰসাৰ কৰাত সহায় কৰিবলৈ আহ্বান জনায়। আপোনালোকৰ সহায়ত আমি প্ৰতিখন ঘৰলৈ এই সংবাদ দিব পাৰো যে, ষ্ট্ৰ'ক প্ৰতিৰোধযোগ্য, চিকিৎসাযোগ্য আৰু ইয়াত সময়ৰ গুৰুত্ব অপৰিসীম।

স্বাস্থ্য জি এন আৰ চি হাস্পতাল