জম্মু- কাশ্মীৰত ছহিদ বি এছ এফ জোৱান...

জম্মু- কাশ্মীৰত সংঘটিত হোৱা পাকিস্তানৰ গোলাবৰ্ষণত এজন ভাৰতীয় বি এছ এফ জোৱানে দেওবাৰে মৃত্যুক আঁকোৱালি লয়। নিহত জোৱানজনৰ নাম দীপক চিংগাখাম। তেওঁৰ ঘৰ আছিল মণিপুৰত। 

author-image
Asomiya Pratidin
New Update
 জোৱান

জোৱান

ডিজিটেল ডেস্ক : জম্মু- কাশ্মীৰত সংঘটিত হোৱা পাকিস্তানৰ গোলাবৰ্ষণত এজন ভাৰতীয় বি এছ এফ জোৱানে দেওবাৰে মৃত্যুক আঁকোৱালি লয়। নিহত জোৱানজনৰ নাম দীপক চিংগাখাম। তেওঁৰ ঘৰ আছিল মণিপুৰত। 

Advertisment

উল্লেখযোগ্য যেস ১০মে’ৰ নিশা জম্মু আৰু আৰ এছ পুৰা ছেক্টটৰৰ সীমান্তত পাকিস্তানৰে হোৱা গুলীয়াগুলীত বি এছ এফ জোৱানজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। তাৰ পাছতে তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল যদিও অৱশেষত জীৱন- মৃত্যুৰে যুঁজি মৃত্যুবৰণ কৰে। 

তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে বি এছ এফৰ শীৰ্ষ বিষয়াসকলে। দেশৰ হকে কৰা পৰম ত্যাগক ভাৰতবাসীয়ে সদায় স্মৰণ কৰিব বুলি বিষয়াসকলে শোকবাৰ্তাত উল্লেখ কৰে। 

একেদৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙেও সামাজিক মাধ্যমযোগে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- তেওঁ আছিল মণিপুৰৰ গৌৰৱান্বিত পুত্ৰ। এজন মেটেই হিচাপে তেওঁ যি সাহসেৰে যুঁজ দিলে সেয়া অনস্বীকাৰ্য অৱদান।

উল্লেখযোগ্য যে, ইতিমধ্যে দীপকৰ নশ্বৰদেহ সোমবাৰে পালৌৰাৰ ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়লৈ অনা হৈছে। তাতে তেওঁৰ নশ্বৰদেহত স-সন্মানেৰে মাল্যাৰ্পণ জনোৱা হ'ব। লগতে শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানও অনুষ্ঠিত কৰা হৈছে মুখ্য কাৰ্যালয়ত ।

war BSF manipur