গৌৰীপুৰত জুবিন গাৰ্গৰ জন্মদিনত উদ্দাম নৃত্যৰ পয়োভৰ

ধুবুৰী জিলাৰ ঝালেৰ আলগা গাঁৱত জুবিন গাৰ্গৰ জন্মদিন উদযাপন নামত আয়োজিত এক অনুষ্ঠানক লৈ ৰাজ্যজুৰি ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
283

ডিজিটেল সংবাদ, ধুবুৰী : জুবিন গাৰ্গ কেৱল এজন গায়ক নহয়, অসমীয়া সঙ্গীতৰ প্ৰতীক আৰু বহু নতুন শিল্পীৰ প্ৰেৰণা। ধুবুৰী জিলাৰ ঝালেৰ আলগা গাঁৱত জুবিন গাৰ্গৰ জন্মদিন উদযাপন নামত আয়োজিত এক অনুষ্ঠানক লৈ ৰাজ্যজুৰি ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। গৌৰীপুৰৰ জীৱন জ্যোতি ক্লাৱৰ উদ্যোগত আয়োজন কৰা হৈছিল জুবিন গাৰ্গৰ জন্ম জয়ন্তী অনুষ্ঠান।

এই অনুষ্ঠানত জুবিন গাৰ্গৰ নামত অশ্লীল আৰু উদ্দাম নৃত্য পৰিবেশন কৰা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে ৰাজ্যজুৰি তীব্ৰ সমালোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কোৱা “নকল অনুৰাগী” কথাষাৰ যেন হাতে–কামে প্ৰমাণ কৰি দেখুৱাইছে কিছুমান নিকৃষ্ট লোকে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত এনে অপমানজনক কাৰ্য সংঘটিত হোৱাক লৈ ৰাজ্যবাসীয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে জীৱন জ্যোতি ক্লাৱ-এ উক্ত অনুষ্ঠানৰ আয়োজন কৰিছিল। এই অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল শিল্পীজনা প্ৰতি শ্রদ্ধা জ্ঞাপন, কিন্তু মঞ্চত উদ্দাম নৃত্য পৰিৱেশনৰ ঘটনাই সামগ্ৰ পৰিৱেশক অপ্রীতিকৰ কৰি তোলে।

অনুষ্ঠানৰ ভিডিঅ'টি বাতৰিত প্ৰচাৰ হোৱাৰ  লগে লগেই ঘটনাটোৰ বিষয়ে গৌৰীপুৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। অভিযানত আয়োজক সমিতিৰ এজন অন্যতম সদস্য মন্নাফ আলীক গ্ৰেপ্তাৰ কৰে ধুবুৰী জিলা আৰক্ষীয়ে। ধৃত সদস্যজনৰ ঘৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত ঝালেৰ আলগা গাঁৱত বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনাইছে যে ঘটনা সম্পৰ্কে অধিক তথ্য সংগ্ৰহৰ বাবে মন্নাফ আলীৰ মাৰাথন জেৰা চলোৱাৰ লগতে আয়োজনত জড়িত অন্য লোককো সোধা-পোছা অব্যাহত ৰাখিছে। এই ঘটনাই পুনৰ প্ৰমাণ কৰিছে যে সংস্কৃতি, শিল্পী–সম্মান আৰু সামাজিক দায়িত্ববোধৰ নামত যিকোনো অনুষ্ঠান আয়োজনে সাৱধানতা অবলম্বন কৰা অত্যন্ত জৰুৰী।

ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজৰ মন্তব্য - জুবিন গাৰ্গ কেৱল এজন গায়ক নহয়,অসমীয়া সঙ্গীতৰ প্ৰতীক, সংস্কৃতিক স্ফূৰ্তিৰ উৎস আৰু বহু নতুন শিল্পীৰ প্ৰেৰণা। বহু অনুৰাগীয়ে সামাজিক মাধ্যমত আক্ষেপ প্ৰকাশ কৰি কয় যে, “জুবিনদাকে লৈ কিমানে মমতা, কৃতজ্ঞতা প্ৰকাশ কৰে সেইবোৰক কলংকিত কৰাৰ অধিকাৰ কোনো ব্যক্তিৰ নাই।”

আঞ্চলিক বিভাজন, ধৰ্ম–সংস্কৃতিৰ ভিন্নতা বা স্বাৰ্থৰ ৰাজনীতিৰ বাবে যেতিয়া কোনো শিল্পীৰ নাম অপব্যৱহাৰ হয়, সেয়া কেৱল ব্যক্তি বিশেষৰ অপমান নহয়; গোটা সমাজৰ সংস্কৃতিক মূল্যবোধৰ অবমাননা বুলিও বহু লোক মন্তব‌্য কৰিছে।

জুবিন গাৰ্গ