জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সমুখত বহিঃৰাজ্যৰ নৰ্তকীয়ে প্ৰদৰ্শন কৰিলে উদ্দাম নৃত্য

বিহাৰী গীতত অশ্লীল দেহজ ভংগিমাৰে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখতেই বহিৰাগত নৃত্যশিল্পীয়ে প্ৰদৰ্শন কৰে অশ্লীল উদ্দাম নৃত্য।

author-image
Asomiya Pratidin
New Update
10

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ থকা জুবিন গাৰ্গৰ নকল অনুৰাগীৰ কথাষাৰ যেন কিছু লোকে হাতে কামে প্ৰমাণ কৰি দেখুৱাইছে। একাংশ জুবিন অনুৰাগীৰ কাম কাজে লজ্জানত কৰি তুলিছে অসমীয়া জাতিটোক। 

image (15)

উল্লেখ্য যে ধুবুৰীৰ কালেৰ আলগাত জুবিন গাৰ্গৰ ওপজা দিনটোৰ দিনাখন এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।  সেই অনুষ্ঠানত এগৰাকী যুৱতীয়ে পৰিৱেশন কৰিছিল উদ্দাম নৃত্য। উদ্দাম নৃত্যৰে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰো অভিযোগ উত্থাপন হৈছিল। আৰক্ষীয়ে বাধা প্ৰদানৰ কৰাৰ পাছতেই সৃষ্টি হৈছিল এক হুলস্থুলীয়া পৰিৱেশৰ, দৰ্শকে ভাঙিছিল মঞ্চ আৰু সা-সৰঞ্জাম। 

image (13)

তাৰোপৰি জীৱন জ্যোতি নামৰ ক্লাবটোৰ উদ্যোগত আয়োজন কৰা  এই সাংস্কৃতিক অনুষ্ঠানত মঞ্চৰ ওপৰত  এগৰাকী যুৱতীয়ে প্ৰদৰ্শন কৰিছিল এই অশ্লীল নৃত্য। প্ৰাণৰ শিল্পীগৰাকীৰ জয়ন্তী পাতি শিল্পীগৰাকীক আয়োজকসকলে চৰম অপমান কৰাক লৈ ধুবুৰীত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। 

image (13)

আনফালে, সচেতন মহলৰ  মাজত প্ৰশ্ন উত্থাপন হৈছিল যে এয়া জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নে একাংশৰ উদ্ভণ্ডালি? বিহাৰী গীতত অশ্লীল ভংগিমাৰে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখতেই বহিৰাগত নৃত্যশিল্পীয়ে প্ৰদৰ্শন কৰে অশ্লীল উদ্দাম নৃত্য। এই অপসংস্কৃতিৰ পোহাৰ মেলিবলৈ জীৱন জ্যোতি ক্লাবক কোনে  প্ৰদান কৰিলেঅনুমতি? তাক লৈ উত্থাপন হৈছে প্ৰশ্ন । 

ধুবুৰী জুবিন গাৰ্গ জুবিন