/asomiyapratidin/media/media_files/2026/01/06/584-2026-01-06-21-26-23.jpg)
ডিজিটেল সংবাদ, চিৰাং : মঙলবাৰে চিৰাং জিলা সদৰ কাজলগাঁও চহৰৰ ঢালিগাঁৱত অত্যাধুনিক চিকিৎসা সেৱা আগবঢ়োৱাৰ সক্ষমতা বিশিষ্ট জিলাখনৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় মুকলি কৰা হয়। ঢালিগাঁৱৰ বঙাইগাঁও শোধনাগাৰৰ বিপৰীতে তথা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা "আস্থা মাল্টি স্পেচিয়ালিটি হাস্পতাল" নামৰ এই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/whatsapp-image-2026-01-06-21-23-09.jpeg)
চিৰাং আৰু বঙাইগাঁও জিলাৰ পাঁচগৰাকী বিশেষজ্ঞ চিকিৎসক আৰু দুগৰাকী ব্যক্তিৰ যৌথ প্ৰচেষ্টাত নিৰ্মিত "আস্থা মাল্টি স্পেচিয়ালিটি হাস্পতাল" ৰ উদ্বোধনী অনুষ্ঠানত চিৰাং আৰু বঙাইগাঁও জিলাৰ বহু কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত চিৰাং জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষক ধ্ৰুব বৰা, বঙাইগাঁও শোধনাগাৰৰ মানৱসম্পদ উন্নয়ণ বিভাগৰ প্ৰৱন্ধক মুছুখা বড়ো, বঙাইগাঁৱৰ লোৱাৰ অসম হাস্পতাল আৰু ৰিচাৰ্ছ চেন্টাৰৰ স্বত্বাধিকাৰী ডাঃ আই, বৰদলৈ, চিআইএচএফৰ বিষয়া সকলৰ উপৰি দুয়োখন জিলাৰ বহু কেইগৰাকী বিশিষ্ট চিকিৎসক, সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সামাজিক কৰ্মী, দল সংগঠনৰ নেতৃত্ব উপস্থিত থাকে ।
চিৰাং জিলাৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় হিচাপে "আস্থা মাল্টি স্পেচিয়ালিটি হস্পিতাল" উদ্বোধন কৰি বিটিচিৰ কাৰ্য্যবাহী সদস্য পানীৰাম ব্ৰহ্মই কয় যে চিৰাং জিলাত এনেধৰনৰ আধুনিক চিকিৎসা সেৱা আগবঢ়াবলৈ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় উদ্বোধন কৰি মই খুবেই সুখী অনুভৱ কৰিছো । আমাৰ জিলা সদৰ কাজলগাঁৱত জেএচবি অসামৰিক চিকিৎসালয় এখনি আছে কিন্তু বহুসময়ত দেখিবলৈ পোৱা যায় যে কিছু কিছু জটিল ৰোগৰ চিকিৎসা সেৱা উক্ত চৰকাৰী চিকিৎসালয়খনত বিভিন্ন কাৰণত দিব নোৱাৰে তেতিয়া আমাৰ জিলাৰ ৰোগীসকল বঙাইগাঁও নাইবা অইন জিলাত ঢাপলি মেলিব লাগে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/whatsapp-image-2026-2026-01-06-21-24-02.jpeg)
তেনেক্ষেত্ৰত এতিয়া আমাৰ জিলা সদৰতে তেনেকুৱা আধুনিক চিকিৎসা সেৱা আগবঢ়োৱা এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় মুকলি হৈছে এতিয়াৰ পৰা তেওঁলোকে এইখন চিকিৎসালয়ত জৰুৰীকালীন চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰে । আনপিনে "আস্থা মাল্টি স্পেচিয়ালিটি হস্পিতাল"ত ৰাইজে কি কি আধুনিক চিকিৎসা সেৱা আগবঢ়াব এই সন্দৰ্ভত চিকিৎসালয়টোৰ মুখ্য পৰিচালন সঞ্চালক ডাঃ অনঙ্গ বৰ্মনে সংবাদ মাধ্যমৰ আগত কয় যে "আস্থা মাল্টি স্পেচিয়ালিটি হস্পিতাল"ত বিশেষকৈ শিশুৰোগ, স্ত্ৰী-ৰোগ, গ্ৰেষ্ট্ৰ'লোজী, হৃদৰোগ, নেফ্ৰোলজিষ্ট আদিৰ বিশেষজ্ঞ চিকিৎসক সকলৰ দ্বাৰা চিকিৎসা সেৱা আগবঢ়োৱা হ'ব।
তদুপৰি এই চিকিৎসালয় খনত ডায়েবেটিছ ৰোগীসকলৰ বাবে এটা সুকীয়া চিকিৎসা প্ৰদান কৰাৰ ব্যবস্থা আছে । জিলাখনৰ আৰ্থিক দিশত নিচ্ছল পৰিয়ালৰ লোক সকলেও যাতে স্বল্প খৰচত চিকিৎসা গ্ৰহণ কৰিব পাৰে তাৰ বাবে বিশেষ আচঁনিৰ অধীনত কাৰ্ডৰ ব্যবস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us