কংগ্ৰেছী পুত্ৰ ৰীতম সিঙৰ সমালোচনাৰ বিপৰীতে চৰকাৰী কাম কাজক উচ্চ প্ৰসংশা পিতৃৰ

পুত্ৰ কংগ্ৰেছী। কংগ্ৰেছ দলৰ মুখপাত্ৰ। সেয়ে সততে চৰকাৰৰ সমালোচনাত সৰৱ হৈ থাকে পুত্ৰ। কিন্তু পুত্ৰৰ এনে স্থিতিৰ বিপৰীতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাম কাজক উচ্চ প্ৰশংসা কৰিছে তেওঁৰ পিতৃয়ে।

author-image
Asomiya Pratidin
New Update
331

ডিজিটেল ডেস্ক : পুত্ৰ কংগ্ৰেছী। কংগ্ৰেছ দলৰ মুখপাত্ৰ। সেয়ে সততে চৰকাৰৰ সমালোচনাত সৰৱ হৈ থাকে পুত্ৰ। কিন্তু পুত্ৰৰ এনে স্থিতিৰ বিপৰীতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাম কাজক উচ্চ প্ৰশংসা কৰিছে তেওঁৰ পিতৃয়ে।

হাজাৰ সমালোচনা কৰিলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক যে বিৰোধীয়েও মানি লয় সেয়া পুনৰবাৰ প্ৰমাণ হ'ল বুলি ইতিমধ্যে সামাজিক মাধ্যমত এগৰাকীয়ে মন্তব্য কৰিছে। উল্লেখযোগ্য যে, ৰীতম সিং অসম প্ৰদেশ কংগ্ৰেছৰ যুৱ নেতাৰ উপৰিও দলটোৰ মুখপাত্ৰ।

বিৰোধী শিবিৰত থাকি মুখপাত্ৰ ৰীতমে সময়ে সময়ে চৰকাৰৰ কাম কাজক সমালোচনা কৰি আহিছে। জানিবলৈ দিয়া মতে কেতিয়াবা যদি মিছা কথাৰে কেতিয়াবা মিছা ফটো বা ভিডিঅ'ৰ জড়িয়তে ৰিতমে চৰকাৰক সমালোচনা কৰাৰো নজিৰ আছে। এনে কাৰ্যৰ বাবেই আনকি ৰঙাঘৰৰো আলহী হ'বলগা হৈছে ৰীতম সিঙ।

কিন্তু পুত্ৰ ৰীতমৰ চৰকাৰ বিৰোধী এনে স্থিতিৰ বিপৰীতে চৰকাৰৰ কাম কাজক উচ্চ প্ৰশংসা কৰিছে ৰিতমৰ পিতৃয়ে। সামাজিক মাধ্যমৰ জৰিয়তে অসমৰ উন্নয়নক প্ৰশংসা ৰীতমৰ পিতৃ বলৱন্ত সিঙৰ।

উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিন পূৰ্বে মুকলি কৰা উজানবজাৰৰ সতী ৰাধিকা উদ্যানত ভ্ৰমণ কৰি থকা কেইখনমান ফটো সামাজিক মাধ্যমত আপলোড কৰি বলৱন্ত সিঙে লিখিছে-An Evening along Brahmaputra River Front Guwahati.Beautiful Assam Worldwide. Mesmerising Development।

কাৰ্যতঃ পুত্ৰই মানি নল'লেও পিতৃয়ে মানি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ ধাৰাক। ইয়াৰ পাছতে এগৰাকীয়ে উল্লেখ কৰিছে যে- এই কথাই প্ৰমাণ কৰে, বিৰোধী হোৱা বাবেই যেন চৰকাৰক সমালোচনা কৰে একাংশই,বিপৰীতে তেওঁলোকৰ পৰিয়ালেও মানি লয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত হোৱা উন্নয়ন আৰু প্ৰগতিক।

কংগ্ৰেছ