গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ সৰ্বমুঠ ১৮ গৰাকী আৰক্ষী বিষয়ালৈ ৰাষ্ট্ৰপতিৰ বিশেষ সেৱা পদক

৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰিছে ১৮ জনকৈ আৰক্ষীয়ে। ৰাষ্ট্ৰপতিৰ উৎকৃষ্ট সেৱা পদক লাভ কৰিছে অসম আৰক্ষীৰ মহা পৰিদৰ্শক ইমদাদুল হুছেইন বৰাই ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-25 at 6.03.21 PM

ডিজিটেল ডেস্কঃ পূৰ্বৰ দৰেই গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত দেশৰ ৰাষ্ট্ৰপতিয়ে আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা, সংশোধনমূলক সেৱাসমূহৰ বাবে ঘোষণা কৰিছে আৰক্ষীৰ বিভিন্ন পদক। পূৰ্বৰ দৰে এইবাৰ অসমৰ আৰক্ষীৰ কেইবাজনো বিষয়া, জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক।

৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰিছে ১৮ জনকৈ আৰক্ষীয়ে। ৰাষ্ট্ৰপতিৰ উৎকৃষ্ট সেৱা পদক লাভ কৰিছে অসম আৰক্ষীৰ মহা পৰিদৰ্শক ইমদাদুল হুছেইন বৰাই । গৃহৰক্ষী বাহিনী আৰু অসামৰিক প্রতিৰক্ষাৰ পদক লাভ  কৰিছে সমীৰণ দে’পুৰকায়স্থৰ লগতে অসম আৰক্ষীৰ প্লাটুন কমাণ্ডাৰ সমীৰণ দে’পুৰকায়স্থই। ইপিনে ১৪গৰাকী আৰক্ষীয়ে লাভ কৰিছে যোগ্য সেৱা পদক। 

WhatsApp Image 2026-01-25 at 5.55.57 PM

SP প্রণৱ জ্যোতি গোস্বামী, SP ছাদিক আলী আহমেদ,SP ৰিপুল দাস, SP নৱনীত মহন্ত, SP সৌৰভ জ্যোতি শইকীয়া,DSP অনিল মৰাণ, লেঞ্চ নায়ক হেমধৰ বৰা, লেঞ্চ নায়ক দিগন্ত কুমাৰ নাথ,পৰিদৰ্শক জগদীশ কলিতা, উপ-পৰিদৰ্শক পৰীক্ষিত উজিৰ,লেঞ্চ নায়ক সুৰেশ বড়ো, লেঞ্চ নায়ক হবিবুৰ ৰহমান,লেঞ্চ নায়ক প্রসাদ তালুকদাৰ, উপ-পৰিদৰ্শক পবিন চন্দ্র দাস
অগ্নিনিৰ্বাপক সেৱাৰ দুগৰাকী বিষয়ালৈ যোগ্য সেৱা পদক ঘোষণা কৰে। ইপিনে ভুৱন চন্দ্র মালি আৰু নন্দেশ্বৰ দাসে লাভ কৰিছে এই পদক। গৃহৰক্ষী বাহিনী আৰু অসামৰিক প্রতিৰক্ষাৰ দুগৰাকীলৈও এই পদক ঘোষণা কৰে। লগতে  জলেশ্বৰ ডেকা আৰু চক্রধৰ বৰ্মনলৈও পদক ঘোষণা কৰিছে। 

অসম আৰক্ষীৰ বিভিন্ন পদক