/asomiyapratidin/media/media_files/2025/09/01/233-2025-09-01-17-43-33.jpg)
ডিজিটেল ডেস্ক : কামৰূপ জিলাৰ অন্তৰ্গত চাংসাৰীত শনিবাৰে ভূমি বিবাদক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। তৰোৱাল আৰু লোৰ পাইপেৰে কৰা আক্ৰমণ- প্ৰত্যাক্ৰমণত কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
উত্থাপিত অভিযোগ অনুসৰি, চাংসাৰীৰ এটুকুৰা ভূমিৰ পট্টাদাৰ ৰফিকুল হ'ক চৌধুৰীয়ে পাৱাৰ অব এটৰ্ণি দিয়া ব্যক্তি মিৰাজুল আহমেদক মাটি চমজি দিবলৈ যোৱাৰ সময়তে সৃষ্টি হয় এই অপ্ৰতীকৰ পৰিস্থিতিৰ। উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চাংসাৰীৰ ৩৭০ নং পট্টাৰ ১৫৬৩ নং দাগৰ ১ বিঘা ৩ কঠা মাটিত জনৈক আখতাৰে অবৈধভাৱে বেদখল কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে ভূমিৰ গৰাকী ৰফিকুল হ'ক চৌধুৰীয়ে ।
এই সন্দৰ্ভত আৰক্ষী আৰু জিলা প্ৰশাসনৰ ওচৰত অভিযোগো দাখিল কৰে ভুক্তভোগী পৰিয়ালটোৱে। পাৱাৰ অফ এটৰ্ণি লোৱা মিৰাজুল আহমেদে পট্টাদাৰৰ পৰা মাটি চমজি লোৱাৰ সময়তে দুয়ো পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট কাণ্ড সংঘটিত হয় ।
উক্ত দিনা ঘটনাস্থলীত চাংসাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। প্ৰাপ্ত তথ্য অনুসৰি কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী আয়ুক্ত ৰঞ্জন ভূঞাই এনে অপ্ৰতীকৰ পৰিস্থিতিৰ পাছতে উভয় পক্ষক কাৰ্যালয়ত হাজিৰ কৰাই কোনো ধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি নকৰিবলৈ সকিয়াই দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us