/asomiyapratidin/media/media_files/2025/12/06/415-2025-12-06-11-16-44.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : অসম চৰকাৰৰ এছ, অ', পি, ডি শিতানত নির্মাণ হ'বলগীয়া জামুগুৰিহাটৰ চৈবাৰী পানীগাঁও সংযোগী এটি পকী পথৰ নিৰ্মাণ কাৰ্য্য শুক্ৰবাৰে বিয়লি ৰঙাফিটা কাটি শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ এই উপলক্ষে আয়োজিত এক বিশাল সভাৰ ভাষণ প্ৰসংগত বিধায়ক পদ্ম হাজৰিকাই কয় যে নদুৱাৰ সমষ্টিৰ গ্ৰাম্যাঞ্চলৰ ৮০ শতাংশ পথেই ইতিমধ্যেই পকীকৰনৰ সম্পুৰ্ণ হৈ উঠিছে ৷
শুভাৰম্ভ কৰা পথটিৰ নিৰ্ম্মানৰ কাম সম্পূৰ্ণ হ'লেই জামুগুৰিহাটৰ চৈবাৰীৰ বিশাল পথাৰত অনুষ্ঠিত হ'ব লগা আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ আহিব লগা দূৰ দূৰণিৰ ভক্তবৃন্দৰ বাবে হ'ব অন্যতম সুচল পথ । বাৰ্ষিক অধিবেশনৰ ভকতবৈষ্ণৱক আদৰিবৰ বাবে এই পথচোৱাৰ অতিকে প্ৰয়োজন হৈছে বাবেই আমি অধিবেশনৰ পূৰ্ব্বে পথ নিৰ্মাণ সম্পূৰ্ণ কৰিবই লাগিব ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us