কাছাৰত ৯০ কোটিৰো অধিক মূল্যৰ নিচাজাতীয় টেবলেট জব্দ

মিজোৰাম‌ সীমান্তৱৰ্তী ধলাখালত অভিযান চলাই আৰক্ষীয়ে এখন বলেৰ’ পিক-আপ বাহনৰ পৰা প্ৰায় ৯০ কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে

author-image
Asomiya Pratidin
New Update
424

ডিজিটেল সংবাদ, শিলচৰ : নিচাজাতীয় সামগ্ৰীৰ‌ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে। মিজোৰাম‌ সীমান্তৱৰ্তী ধলাখালত অভিযান চলাই আৰক্ষীয়ে এখন বলেৰ’ পিক-আপ বাহনৰ পৰা প্ৰায় ৯০ কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে।

বাহনখনৰ গোপন চেম্বাৰৰৰ পৰা আৰক্ষীয়ে ৩ লাখ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰিছে। জব্দ কৰা এই বুজণ পৰিমাণৰ টেবলেটখিনিৰ মূল্য প্ৰায় ৯০ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।

এই সংক্ৰান্তত মণিপুৰৰ চূৰাচান্দপুৰৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই সদৰী কৰা অনুসৰি, মণিপুৰৰ চূৰাচান্দপুৰৰ পৰা এখন চাৰিচকীয়া বাহনত বুজণ পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট  লৈ কাছাৰৰ দিশে অগ্ৰসৰ হৈছে এখন‌ বাহন।

গোপন তথ্যৰ ভিত্তিত এই খবৰ পোৱাৰ পিছতে আৰক্ষীৰ দল এটাই মিজোৰাম সীমান্তৰ ধলাই এলেকাত খাপ পিতি ৰৈ থাকে। নিদিৰ্ষ্ট বাহনখন ধলাখালত উপস্হিত হোৱাৰ লগে লগে আৰক্ষীয়ে বাহন খন ৰখাই তালাচী আৰম্ভ কৰে। তন্ন-তন্নকৈ তালাচী চলোৱাৰ‌ পিচত বাহন খনৰ গোপন চেম্বাৰৰৰ পৰা উদ্ধাৰ কৰা হয় ৩০ টাকৈ  য়াবা টেবলেটৰ পেকেট।

পেকেটকেইটাৰ পৰা জব্দ কৰা হয় ৩ লাখ নিচাজাতীয় য়াবা টেবলেট। জব্দ কৰা এই টেবলেট খিনিৰ আন্তঃৰাষ্ট্ৰীয় ক'লা বজাৰত মূল্য প্ৰায় ৯০ কোটি টকা বুলি সদৰী কৰে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই। নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মনিপুৰ চূৰাচান্দপুৰৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

ধৃত লোক দুজন ছেমুৱেল লুংডিম আৰু এণ্ডি কুকি।  টেবলেটখিনি মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা পৰিবহন কৰা হৈছিল।

কাছাৰ