বিহাৰত ১৮৭০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা আউন্টা-চিমাৰিয়া গংগা দলং উদ্বোধন প্ৰধানমন্ত্ৰীৰ

মোদীয়ে শক্তি, স্বাস্থ্য, আন্তঃগাঁথনি আৰু নগৰ উন্নয়নক সামৰি ১২ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিছিল।

author-image
Asomiya Pratidin
New Update
178

ডিজিটেল ডেস্ক : যোৱা ২২ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ গয়াত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে উন্নয়ন, নিৰাপত্তা, ৰাজনৈতিক বাৰ্তা প্ৰেৰণৰ সম্পৰ্কত গুৰুত্ব আৰোপ কৰি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰিছিল। মোদীয়ে শক্তি, স্বাস্থ্য, আন্তঃগাঁথনি আৰু নগৰ উন্নয়নক সামৰি ১২ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিছিল।

Advertisment

উল্লেখযোগ্য প্ৰকল্পসমূহৰ ভিতৰত আছিল ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ১.৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছয়লেনযুক্ত আউন্টা-চিমাৰিয়া গংগা দলং নিৰ্মাণ। যোৱা ২২ আগষ্টত এই দলঙখন আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে।

এই প্ৰকল্পৰ বাবে ১৮৭০ কোটি টকা ব্যয় কৰা হৈছে। উল্লেখযোগ্য যে, মকামা আৰু বেগুছৰাইৰ মাজত সংযোগ বৃদ্ধি কৰা, গধুৰ বাহনৰ বাবে যাত্ৰাৰ দূৰত্ব ১০০ কিলোমিটাৰতকৈ অধিক হ্ৰাস কৰাৰ বাবে এই প্ৰকল্প হাতত লৈছিল কেন্দ্ৰীয় চৰকাৰে। 

আনহাতে শক্তি সুৰক্ষা বৃদ্ধিৰ বাবে ৬,৮৮০ কোটি টকা ব্যয়ৰে ৬৬০ মেগাৱাট শক্তিৰ তাপ শক্তি কেন্দ্ৰ স্থাপনতো চৰকাৰে গুৰুত্ব দিছে। তাৰোপৰি উন্নত, সুলভ মূল্যৰ কৰ্কট ৰোগৰ যত্ন প্ৰদানৰ বাবে মুজাফৰপুৰত উদ্বোধন কৰিছিল হোমি ভাভা কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰ।

বিহাৰ