/asomiyapratidin/media/media_files/2025/09/03/1234-2025-09-03-11-52-29.jpg)
ডিজিটেল ডেস্ক : ভাৰতৰ দীৰ্ঘম্যাদী সম্ভাৱনাৰ ওপৰত বিনিয়োগকাৰীৰ আস্থাই আমেৰিকাই শুল্ক বৃদ্ধি কৰাৰ পাছতো আগষ্টত দেশৰ কোম্পানীসমূহৰ পঞ্জীয়ন বৃদ্ধি পাইছে। এই তথ্য সদৰী কৰিছে শুল্ক বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে।
কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি আগষ্টত বহিঃৰাষ্ট্ৰকে ধৰি ২০,১৭০টা কোম্পানীয়ে পঞ্জীয়ন কৰিছিল। যিটো পূৰ্বৰ তুলনাত ৩৭%লৈ বৃদ্ধি পাইছিল । আনহাতে এল এল পিৰ পঞ্জীয়ন ২২% বৃদ্ধি পাই এতিয়া ৬,৯৩৯ হৈছেগৈ।
ইয়াৰ জৰিয়তে একেৰাহে অষ্টম মাহৰ বাবে কোম্পানী নিগম বৃদ্ধি পোৱাৰ বিপৰীতে এল এল পিৰ নিগম সংখ্যা একেৰাহে ছমাহৰ বাবে বৃদ্ধি পাইছে বুলি বিষয়াসকলে সদৰী কৰে।