অসমৰ পথ আৰু দলং নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ৭৪৭.৭২ কোটি টকাৰ অনুমোদন

অসমৰ বাবে আছে আৰু এটা ভাল খবৰ। অসমৰ যাতায়াত আৰু আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়নৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ পুঁজি অনুমোদন জনাইছে।– এই কথা ৰাজহুৱা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰীয়ে

author-image
Asomiya Pratidin
New Update
116

ডিজিটেল ডেস্ক : অসমৰ বাবে আছে আৰু এটা ভাল খবৰ। অসমৰ যাতায়াত আৰু আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়নৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ পুঁজি অনুমোদন জনাইছে।– এই কথা ৰাজহুৱা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰীয়ে। 

মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে অৱগত কৰে যে, কেন্দ্ৰীয় পথ আন্তঃগাঁথনি পুঁজি চমুকৈ CRIF আঁচনিৰ অধীনত ৰাজ্যখনৰ বিভিন্ন পথ উন্নয়নমূলক প্ৰকল্পৰ বাবে মুঠ ৬১৭.৯৮ কোটি টকা ধাৰ্য কৰা হৈছে। ইয়াৰ উপৰি, সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰিবলৈ 'চিআৰআইএফ সেতু বন্ধন আঁচনিৰ অধীনত ৰাজ্যৰ নতুন দলং নিৰ্মাণৰ বাবে অতিৰিক্ত ১২৯.৭৪ কোটি টকা অনুমোদন জনোৱা হৈছে।

প্ৰণিধানযোগ্য যে, ১৪ ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৱাহাটী- উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেঁতু ৰাইজৰ বাবে মুকলি কৰিব। ইয়াৰ প্ৰাকমুহূৰ্ততে গাডকাৰীয়ে জনোৱা এই খবৰো অসমৰ বাবে এক আশাব্যঞ্জক খবৰ।

নিতীন গাডকাৰী নৰেন্দ্ৰ মোডী