/asomiyapratidin/media/media_files/2025/12/08/429-2025-12-08-11-23-50.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ আগ্ৰীপামত সদৌ অসম মগৰ ৱাপা সংঘৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু শাখা সমিতিৰ সহযোগত তৃতীয় বাৰ্ষিক বাৰাহী মি জোং পৰ্ব দেওবাৰে দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ এই উপলক্ষে আগ্ৰীপামৰ মগৰ জিলা ভৱন প্ৰাংগণত পুৱাই পতকা উত্তোলন কৰে সদৌ অসম মগৰ ৱাপা সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি 'তুল বাহাদুৰ পৰ্বছানে মগৰে' ৷
সহযোগিতা আগবঢ়াই গণেশ থাপাই। ইয়াৰ পিছতে অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সকলো শ্ৰেণীৰ ৰাইজে । অনুষ্ঠানটিত বিশগৰাকীৰো অধিক ৱাপা (পুৰোহিত) জৰিয়তে মূল পূজা 'বাৰাহী মি জোং পৰ্ব' আৰম্ভ কৰা হয় ।
দিনৰ ১-০০ বজাৰ পৰা অনুষ্ঠিত হোৱা মূল সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মগৰসকলৰ বাৰাহী মি জোং পৰ্ব উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ৷ অনুষ্ঠানটিত সদৌ অসম মগৰ সংঘ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰে।
মগৰ যুৱক-যুৱতীসকলে অনুষ্ঠানটিত গীত - নৃত্য প্ৰদৰ্শন কৰি সকলোৰে মন আপ্লুত কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us