/asomiyapratidin/media/media_files/2025/11/23/new-ap-web-3-26-2025-11-23-13-02-39.jpg)
ডিজিটেল ডেস্কঃ বিশিষ্ট সাহিত্যিক, কথাশিল্পি ইমৰান শ্বাহৰ আজি ৯৩ সংখ্যক ওপজা দিন। ১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰৰ ধাইআলিত জন্ম গ্ৰহণ কৰিছিল অসমৰ বিশিষ্ট কথাশিল্পী পদ্মশ্ৰী ইমৰান শ্বাহে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/whatsapp-image-2025-11-23-12-52-23.jpeg)
উল্লেখ্য যে তেওঁৰ প্ৰথম কবিতা সংকলন ‘বনবাসী’ নৱম শ্ৰেণীত পঢ়ি থকাৰ সময়তেই প্ৰকাশিত হৈছিল। ১৯৫২ চনত তেখেতৰ প্ৰথম খন উপন্যাস ‘সংগীতৰ সিপাৰে’ প্ৰকাশ কৰি সাহিত্য জগতখনত ভুমুকি মৰাৰ লগতে অৰ্দ্ধশতাধিক গল্প, উপন্যাস, প্ৰৱন্ধ, নাটক ৰচনাৰে অসমীয়া ভাষা-সাহিত্যৰ ভড়াল চহকী কৰিবলৈ সক্ষম হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/whatsapp-image-2025-11-23-12-52-41.jpeg)
প্ৰাণিধানযোগ্য যে খ্যাতনামা কথাশিল্পী গৰাকীৰ ওপজা দিনটোতে উন্মোচন কৰা হ’ব “ ইমৰান শ্বাহ ৰচনাৱলী” ৰ দুটাকৈ খণ্ড ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/whatsapp-2025-11-23-12-53-05.jpeg)
তাৰোপৰি, ঈশান দত্ত নামেৰে পৰিচিত ইমৰান শ্বাহে ২০০৮ চনত ‘আজান পাৰ বঁটা’ লাভ কৰিছিল আৰু ২০১০ চনত তেখেতক ‘অসম উপত্যকা সাহিত্য বঁটা’ প্ৰদান কৰা হৈছিল। ২০১২ চনত ‘অসম সাহিত্য সভাৰ’বৰপেটা ৰোড অধিৱেশনত সভাপতি হিচাপেও নিৰ্বাচিত হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us