/asomiyapratidin/media/media_files/2025/12/07/new-ap-web-2-34-2025-12-07-16-52-16.jpg)
ডিজিটেল ডেস্কঃ ইমৰান খান সন্দৰ্ভত পোহৰলৈ আহিছে আন এক তথ্য । আদিয়ালা কাৰাগাৰত বন্দী হৈ থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক পাকিস্তানী সেনাই ‘মানসিক বিকাৰগ্ৰস্ত’বুলি ঘোষণা কৰে। তাৰ পাছতে এতিয়া বহুলভাৱে এই বিষয় চৰ্চিত হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/3cc00ac3-ad5.jpg)
শেহতীয়াকৈ পাকিস্তানৰ তথ্য মন্ত্ৰী আতাউল্লাহ তাৰাৰে উল্লেখ কৰিছে যে, কোনো লোকক ইমৰান খানক লগ কৰিবলৈ দিয়া নহয়। অধিবক্তা, পৰিয়াল, দলৰ নেতা কোনোৱে জেলত প্ৰৱেশ কৰি তেওঁক লগ কৰিব নোৱাৰিব। মুঠৰ ওপৰত তেওঁ জেলত কেনেদৰে আছে, কি খাইছে এই সন্দৰ্ভত একো তথ্য লাভ কৰিব নোৱাৰিব পৰিয়ালৰ লোকে। ইপিনে পাকিস্তান চৰকাৰে ইমৰান খানৰ ৰাজনৈতিক কাৰ্যকলাপ সম্পূৰ্ণৰূপে নষ্ট কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলি উল্লেখ কৰিছে।
/asomiyapratidin/media/post_attachments/c0a13379-37e.jpg)
প্ৰণিধানযোগ্য যে, ইমৰান খানৰ সৈতে জড়িত সকলো সংগঠনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিবলৈ সাজু হৈছে চৰকাৰ। এক কথাত ইমৰান খানৰ অস্তিত্ব নোহোৱা কৰাৰ চেষ্টা কৰিছে পাকিস্তানে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us