/asomiyapratidin/media/media_files/2025/11/27/ap-web-khan-2025-11-27-12-50-10.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক কেন্দ্ৰ কৰি ক্ৰমান্বয়ে ৰহস্যময় হৈ পৰিছে পৰিস্থিতি ।
উল্লেখ্য যে প্ৰাপ্ত তথ্য মতে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান বৰ্তমান ৰাৱালপিণ্ডিৰ আদিয়ালা জেলত কাৰাবন্দী হৈ আছে। দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত ২০২৩ চনৰ আগষ্ট মাহৰ পৰা তেওঁ জেলত আছে।
জানিব পৰা মতে, আদিয়ালা জেলৰ পৰা বদলি হোৱাৰ খবৰৰ কোনো সত্যতা লাভ কৰা হোৱা নাই । বৰ্তমান তেওঁ সম্পূৰ্ণ সুস্থ। ইপিনে দুৰ্নীতি আৰু সন্ত্ৰাসবাদৰ গোচৰৰ জালত দুবছৰতকৈও অধিক সময় ধৰি কাৰাগাৰতে আছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক তথা পাকিস্তান তেহৰিক-ই-ইনছাফৰ মুৰব্বীগৰাকী।
প্ৰাণিধানযোগ্য যে, ২০২৫ চনৰ মাৰ্চ মাহত পিআইএমএছ হাস্পতালৰ চিকিৎসা দলে তেওঁক পৰীক্ষা কৰিছিল। কিন্তু PTIয়ে দাবী কৰিছে যে এই চিকিৎসা পৰীক্ষাটো এটা ভূৱা আছিল। ইয়াৰ পিছত কোনো বিশ্বাসযোগ্য চিকিৎসকক তেওঁক পৰীক্ষা কৰিবলৈ দিয়া নহ’ল। আদালতে তেওঁক সপ্তাহত দুবাৰকৈ পৰিয়াল, অধিবক্তা, বন্ধু-বান্ধৱীৰ সৈতে সাক্ষাৎ কৰিবলৈ দিয়াৰ স্পষ্ট নিৰ্দেশ আছে।
তাৰোপৰি, ইমৰান খানৰ ভগ্নী নৌৰীন নিয়াজীয়ে অভিযোগ উত্থাপন কৰিছে যে তেওঁক আৰক্ষীয়ে চুলিত ধৰি টানি নিছিল। ইপিনে তেওঁলোকে অভিযোগ কৰিছে যে কাৰাগাৰ কৰ্তৃপক্ষই তেওঁলোকক প্ৰায় এক মাহ ধৰি ইমৰান খানক লগ কৰিব পৰা নাই যিটো চৰকাৰৰ এক অলিখিত "নিষেধাজ্ঞা" বুলি ধাৰণা কৰিছে।
আনফালে,ইমৰাণ খানৰ ৰহস্যজনক অৱস্থাৰ মাজতে হঠাৎ উচ্চ পৰ্যায়ৰ জৰুৰী নিৰাপত্তা বৈঠক আহ্বান কৰিছে পাকিস্তান সেনা প্ৰধান জেনেৰেল অসীম মুনিৰে। আই এছ আই, সামৰিক চোৰাংচোৱা, আৰু স্বৰাজ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া উপস্থিত থকা বুলি জানিব পৰা গৈছে। বৈঠকৰ এজেণ্ডা ৰাজহুৱা নহ’লেও ইয়াৰ ফলত পাকিস্তানৰ ক্ষমতা আৰু সামৰিক মহলৰ ভিতৰত কিবা গুৰুতৰ কথা চলিছে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us