পুনৰ বিপদত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নী

পাকিস্তানৰ এখন আদালতে টৌচাখানা-২ দুর্নীতি গোচৰত দোষী সাব্যস্ত কৰি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক ১৭ বছৰকৈ কাৰাদণ্ড বিহিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  পুনৰ বিপদত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান তেহৰিক-ই-ইনছাফৰ মুৰব্বী ইমৰান খান আৰু তেওঁৰ পত্নী বুশ্বৰা বিবি। পাকিস্তানৰ এখন আদালতে টৌচাখানা-২ দুর্নীতি গোচৰত দোষী সাব্যস্ত কৰি দুয়োকে ১৭ বছৰকৈ কাৰাদণ্ড বিহিছে।

Imran Khan's Wife Under Fire Over 'Fake ...

বিশেষ আদালতৰ বিচাৰপতি ছাহৰুখ আর্জুমাণ্ডে ৰাৱলপিণ্ডিৰ আদিয়ালা কাৰাগাৰত কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত আজি এই ৰায় দিয়ে। পত্নীসহ ইমৰান খানক দুর্নীতি প্ৰতিৰোধ আইনৰ অধীনত ৭ বছৰ আৰু পাকিস্তান দণ্ডবিধি আইনৰ অধীনত ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে। আদালতে দুয়োজনৰ প্রত্যেককে ১ কোটি ৬৪ লাখ পাকিস্তানী টকা জৰিমণা বিহিছে। ২০২৪ চনৰ জুলাইত ৰুজু হোৱা গোচৰ অনুসৰি খান দম্পতীয়ে দেশৰ মূল্যবান ঘড়ী, হীৰা-সোণৰ অলংকাৰ আদি সম্পদ ৰাষ্ট্ৰীয় উপহাৰ সংৰক্ষণ কক্ষ টৌচাখানাত জমা নথৈ চৌদি আৰৱক বিক্ৰী কৰি দিছিল। অভিযুক্ত দুগৰাকীয়ে বিশেষ আদালতৰ শাস্তিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰিব।

Pakistan cricket legend Imran Khan and ...

ইমৰান খান