Advertisment

মেক ইন ইণ্ডিয়াৰ প্ৰভাৱ : ২০২৪ বিত্তীয় বৰ্ষত হ্ৰাস পাইছে ইলেক্ট্ৰনিক সামগ্ৰীৰ আমদানি

দেশৰ প্ৰযুক্তিখণ্ডৰ বাবে আশাৰ বতৰা। মেক ইন ইণ্ডিয়াৰ ইতিবাচক প্ৰভাৱ পৰিছে ভাৰতৰ প্ৰযুক্তি তথা ইলেক্ট্ৰনিকখণ্ডত। ফলশ্ৰুতিত আমদানিৰ পৰিমাণ আশাব্যঞ্জকভাৱে হ্ৰাস পাইছে।

author-image
Asomiya Pratidin
New Update
make in India

ডিজিটেল ডেস্ক : দেশৰ প্ৰযুক্তিখণ্ডৰ বাবে আশাৰ বতৰা। মেক ইন ইণ্ডিয়াৰ ইতিবাচক প্ৰভাৱ পৰিছে ভাৰতৰ প্ৰযুক্তি তথা ইলেক্ট্ৰনিকখণ্ডত। যাৰ ফলশ্ৰুতিত চলিত বিত্তীয় বৰ্ষত আমদানিৰ পৰিমাণ আশাব্যঞ্জকভাৱে হ্ৰাস পাইছে।

Advertisment

এই সম্পৰ্কত প্ৰস্তুত কৰা হৈছে এক প্ৰতিবেদন। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাতা অগ্ৰণী প্ৰতিষ্ঠানসমূহৰ পৰা কৰা আমদানিৰ পৰিমাণ হ্ৰাস পোৱাটো দেশৰ বাবেই লাভজনক। মেক ইন ইণ্ডিয়া’ৰ প্ৰভাৱ আৰু ক্ৰমবৰ্ধমানৰ বাবে ২০২৩-২০২৪ বিত্তীয় বৰ্ষত চেমচাং, এপল, ৱাৰ্লপুল, ডিক্সন আৰু হেভেলছৰ দৰে আগশাৰীৰ ইলেক্ট্ৰনিক প্ৰতিষ্ঠানসমূহৰ আমদানি হ্ৰাস পাইছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০২৪ বিত্তীয় বৰ্ষত আমদানিৰ পৰিমাণ ৭ শতাংশ হ্ৰাস পাইছে। বিশ্বৰ আগশাৰীৰ কোম্পানীসমূহৰ মুঠ আমদানিৰ মূল্য ২০২২ বিত্তীয় বৰ্ষত ১ লাখ কোটি টকা অতিক্ৰম কৰিছিল। ইয়াৰোপৰি এই হাৰ ২০২৩ বিত্তীয় বৰ্ষত অধিক বৃদ্ধি পাইছিল।


ডিক্সন টেকন’লজিছৰ অধ্যক্ষ সুনীল বাচানীয়ে এই সম্পৰ্কত মত প্ৰকাশ কৰি কয় যে ভাৰতত ঘৰুৱা সঁজুলি যেনে-  ফ্ৰীজ, এচি আৰু ৱাশ্বিং মেচিনত মূল্য সংযোজন অধিক হৈছে। য’ত কম্প্ৰেছাৰ, মটৰ, শ্বীট মেটাল, হিট এক্সচেঞ্জাৰৰ দৰে সকলো উপাদান এতিয়া ভাৰতত নিৰ্মাণ কৰা হয়।

একেদৰে চেমচাং আৰু এপলত ব্যৱহৃত ভালেখিনি উপাদান ভাৰতত নিৰ্মাণ কৰিবলৈ লোৱা হেতুকে অৰ্থাৎ মেক ইন ইণ্ডিয়া পদ্ধতি অৱলম্বন কৰা বাবে আমদানিৰ পৰিমাণ ৭ শতাংশলৈকে হ্ৰাস পাইছে। এই ধাৰা অৱ্যাহত থাকিলে পৰৱৰ্তী সময়ত আমদানি হ্ৰাসৰ পৰিমাণ আৰু অধিক হ’ব বুলি আশা কৰিব পাৰি।

মেক ইন ইণ্ডিয়া