/asomiyapratidin/media/media_files/2024/11/13/vOQX1UqA8RN7y0a0QsCN.jpg)
ডিজিটেল ডেস্ক : বেদখলকাৰীসকলৰ বাবে অন্যতম ভয়ৰ কাৰণ হৈছে বুলডেজাৰ। আৰক্ষী তথা প্ৰশাসনেও বেদখলকাৰী উচ্ছেদ অভিযানৰ বাবে ব্যৱহাৰ কৰা প্ৰধান অস্ত্ৰ হৈছে এই বুলডেজাৰ। নিমিষতে দয়া- মমতা নোহোৱাকৈ বুলডেজাৰৰে খহাই দিয়ে ঘৰ- দুৱাৰসমূহ।
পিছে এই বুলডেজাৰৰ কাৰ্যকলাপ সম্পৰ্কে উচ্চতম ন্যায়ালয়ে দিছে গুৰুত্বপূৰ্ণ ৰায়। অনুচ্ছেদ ১৪২ৰ অধীনত প্ৰশাসনক এই নিৰ্দেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। অবৈধ নিৰ্মাণ উচ্ছেদৰ পূৰ্বে গৃহস্থক প্ৰশাসনে দিব লাগিব ১৫ দিনৰ সময়সীমা।
কেৱল ইমানেই নহয়, উচ্ছেদৰ পূৰ্বে বেদখলকাৰী পক্ষক দিব লাগিব শ্ব’কজ ন’টিছ। এই ন’টিছৰ পৰা বেদখলকাৰীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ বাবে এপষেক সময় পাব। ইয়াৰোপৰি ব্যক্তিগত শুনানিৰ বাবেও দিয়া হ’ব সুযোগ।
এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে যদি উচ্ছেদৰ আদেশ দিয়া লোকে কোনো ধৰণৰ প্ৰতিবাদ সাব্যস্ত নকৰে, কোনো ধৰণৰ আপত্তি নকৰে, তেতিয়াহে প্ৰশাসনে উচ্ছেদ অভিযান চলাব পাৰিব।
উচ্ছেদ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিছত প্ৰশাসনে সম্পূৰ্ণৰূপে ভিডিঅ’ ৰেকৰ্ডিং কৰিব লাগিব। লগতে সেই প্ৰতিবেদন ডিজিটেল পোৰ্টেলত আপলোড কৰিব লাগিব। যদিহে কোনো চৰকাৰী কৰ্মচাৰীয়ে আদালতৰ নিৰ্দেশনা উলংঘন কৰে, তেন্তে সেই কৰ্মচাৰীক ব্যক্তিগতভাৱে দায়ী বুলি গন্য কৰা হ’ব। আৰু সংশ্লিষ্ট কৰ্মচাৰীৰ বিৰুদ্ধে অৱমাননা কৰা বুলি গন্য কৰিব ন্যায়ালয়ে।
কাৰ্যতঃ উচ্ছেদ অভিযান নীতি- নিয়ম আৰু প্ৰক্ৰিয়াৰ মাজেৰেহে প্ৰশাসনে কৰিব লাগিব। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে দিয়া এই নিৰ্দেশনাৰ উদ্দেশ্য হৈছে- ধ্বংসকাৰ্যৰ সময়ত সঠিক আৰু সুনিশ্চিত পদক্ষেপ গ্ৰহণ কৰা। যাতে নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত থাকে আৰু এই কাৰ্য সঠিক আৰু সুবিচাৰসঙ্গত পদ্ধতিত সম্পন্ন হয়।