সাংসদ ৰঞ্জিত দত্তৰ তাৎপৰ্যপূৰ্ণ মন্তব্য : "বিজেপি বহুত বেলেগ দল, কোন, ক'ত যাব, কোন, ক'ত উফৰি পৰিব কোনেও নাজানে

বিশেষ কৈ কোনে, ক'ত টিকট পাব তাক লৈ চৰ্চা চলি থকাৰ সময়তেই বিজেপিৰ জ্যেষ্ঠ নেতা ৰঞ্জিত দত্তই কৰিছে তাৎপৰ্যপূৰ্ণ মন্তব্য । "বিজেপি বহুত বেলেগ দল ৷ কোন, ক'ত যাব, কোন, ক'ত উফৰি পৰিব, কোন আগবাঢ়ি যাব কোনেও নাজানে ৷

author-image
Asomiya Pratidin
New Update
677

ডিজিটেল সংবাদ, বিশ্বনাথ : আসন্ন২০২৬ৰ অসম বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগেই বলিবলৈ আৰম্ভ কৰিছে ৰাজনৈতিক বতাহ ৷ বিশেষ কৈ কোনে, ক'ত টিকট পাব তাক লৈ চৰ্চা চলি থকাৰ সময়তেই বিজেপিৰ জ্যেষ্ঠ নেতা ৰঞ্জিত দত্তই কৰিছে তাৎপৰ্যপূৰ্ণ মন্তব্য । "বিজেপি বহুত বেলেগ দল ৷ কোন, ক'ত যাব, কোন, ক'ত উফৰি পৰিব, কোন আগবাঢ়ি যাব কোনেও নাজানে ৷

নেতৃত্বই আমাক চোকা দৃষ্টিৰে চাই আছে ৷ প্ৰমোদ বৰঠাকুৰে কি কাম কৰিছে, প্ৰমোদ বৰঠাকুৰে সমষ্টিত কি ধৰণে মানুহৰ মাজত সোমাইছে ৰাষ্ট্ৰীয় নেতৃবৃন্দই সকলো চাই আছে আৰু ইয়াৰ পৰীক্ষা হ'ব নিৰ্বাচনৰ সময়ত ৷ প্ৰমোদ বৰঠাকুৰৰ জনম কুণ্ডলী আমি নিৰ্বাচনৰ সময়ত দেখিবলৈ পাম ৷"  

বিশ্বনাথত বিজেপিৰ যুৱ মৰ্চাই আয়োজন কৰা যুৱ সন্মিলনত অংশগ্ৰহন কৰি এই মন্তব্য কৰে শোণিতপুৰৰ সাংসদ তথা বিজেপি নেতা ৰঞ্জিত দত্তই। সাংসদ ৰঞ্জিত দত্তই লগতে কয় যে বিজেপিয়ে নতুন প্ৰজন্মক বিশেষকৈ যুৱক-যুৱতীসকলক অন্য দলত অধিক প্ৰাধান্য দিয়ে ৷ যাৰ বাবে ৪৫ বছৰীয়া নীতিন নবীন আজি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোৰ সভাপতি ৷

সমান্তৰালভাৱে অসমত ২৬ ৰ নিৰ্বাচনত টিকটৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলে অগ্ৰাধিকাৰ পাব আৰু বহু কেইখন নতুন মুখে টিকট লাভ কৰাৰ সম্ভাৱনা আছে ৷ ২৫ বছৰ ধৰি ৰঞ্জিত দত্ত বিধায়ক হোৱা বিহালী সমষ্টিটো নতুন মুখে লাভ কৰিব টিকেট ৷

আমি পুৰণিসকলেই যে টিকট পাই থাকিব লাগিব তেনে কথা নাই ৷ তেওঁ লগতে কয় যে এইবাৰ বিহালীত যি গৰাকী প্ৰাৰ্থী হ'ব তেওঁ বিহালীতে জন্মগ্ৰহণ কৰা ব্যক্তি হ'ব লাগিব আৰু এই বিষয়ে মই কেন্দ্ৰীয় নেতৃবৃন্দক জনাইছো ৷

বিহালীৰ হাৱা-পানী খাই বিহালীত কাম কৰা লোকে টিকট পাব লাগিব আৰু ৰাজ্যিক নেতৃবৃন্দকো মই এই বিষয়ে জনাইছো ৷ কাৰণ স্থানীয় ৰাইজে বিহালীৰ স্থানীয় ব্যক্তিয়ে টিকট পোৱাটো বিচাৰিছে ৷

বিজেপি ৰঞ্জিত দত্ত অসম বিজেপি