/asomiyapratidin/media/media_files/2026/02/21/176-2026-02-21-10-04-02.jpg)
ডিজিটেল ডেস্ক : অসম বিধানসভা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে সিমানেই যেন বিড়ম্বনা বাঢ়িছে প্ৰদেশ কংগ্ৰেছৰ ! ইতিমধ্যে প্ৰাক্তন সভাপতি ভূপেন বৰাকে ধৰি ইজনৰ পাছত সিজন নেতাই এৰিছে কংগ্ৰেছ ৷
কেৱল ৰাজ্যিক পৰ্যায়তে নহয়, তৃণমূল পৰ্যায়তো এই খহনীয়া অৱ্যাহত আছে ৷ তাৰ মাজতে প্ৰতিটো নিৰ্বাচনৰ আগে আগে কংগ্ৰেছৰ উদ্যোগত বিৰোধী দলসমূহৰ মাজত যি মিত্ৰতাৰ কুচকাৱাজ চলে, সেই কুচকাৱাজ বিগত দীৰ্ঘসময় ধৰি চলি আছে যদিও এই পৰ্যন্ত কোনো স্থিৰ সিদ্ধান্তত উপনীত হোৱা নাই ৷
ইফালে নিৰ্বাচনলৈ হাতত সময় বুলিবলৈ আছে মাত্ৰ কেইটামান দিন৷ যাৰ বাবে ধৈৰ্যৰ বান্ধ ছিগো ছিগো হৈছে কংগ্ৰেছৰ সৈতে হাতত হাত ধৰি আগবাঢ়ি যাম বুলি ভাবি থকা অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল বা লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ ৷ ইয়াৰ মাজতে শনিবাৰে দিল্লীত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ৷
প্ৰিয়ংকা গান্ধীয়ে অসম ভ্ৰমণ সামৰি দিল্লীলৈ উভতি যোৱাৰ পাছতে শনিবাৰে এই বৈঠকৰ আয়োজন কৰা হৈছে ৷ উল্লেখ্য যে এইবাৰ অসমৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত দলে মূল দায়িত্ব অৰ্পণ কৰিছে প্ৰিয়ংকা গান্ধীৰ ওপৰত ৷ মূলতঃ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা সন্দৰ্ভতে আজিৰ এই বৈঠকৰ আয়োজন কৰা হৈছে ৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপৰি আজিৰ এই বৈঠকখনত উপস্থিত থাকিব প্ৰদ্যুৎ বৰদলৈ, ৰিপুণ বৰা আৰু ৰকিবুল হুছেইন ৷ ইতিমধ্যে আটাইকেগৰাকী নেতা গৈ দিল্লীত উপস্থিত হৈছে ৷ প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজিৰ এই বৈঠকখনতে আন বিৰোধী দলসমূহৰে মিত্ৰতা আৰু আসন ভাগ-বাটোৱাৰাৰ বিষয়টোও আলোচনা কৰা হ'ব ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us