অশান্ত জৰ্জৰ মণিপুৰত পুনৰ বৃহৎ সংখ্যক অবৈধ মাৰণাস্ত্ৰ জব্দ...

অশান্ত জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। পুনৰ ইম্ফল পশ্চিম, কাকছিং আৰু বিষ্ণুপুৰ জিলাৰ পৰা অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিছে।

author-image
Asomiya Pratidin
New Update
অশান্ত জৰ্জৰ মণিপুৰত পুনৰ বৃহৎ সংখ্যক অবৈধ মাৰণাস্ত্ৰ জব্দ...

ডিজিটেল সংবাদ শিলচৰ: অশান্ত জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। তাৰেই অংশ হিচাপে পুনৰ ইম্ফল পশ্চিম আৰু কাকছিং আৰু বিষ্ণুপুৰ জিলাত অভিযান চলাই বৃহৎ সংখ্যক অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে।

বিএছএফ আৰু মণিপুৰ আৰক্ষীৰ‌ যুটীয়া অভিযানত ১টা পইন্ট থ্ৰি জিৰো থ্ৰি ৰাইফল, ২টা নাইন এম এম পিষ্টল, ২টা পইন্ট থ্ৰি টু পিষ্টল, ২টা ৰাইফল ৫টা হেণ্ড গ্ৰেনেড, ১টা DBBL, পইন্ট থ্ৰি জিৰো থ্ৰি ৰাইফলৰ ২০৮ টা সক্ৰিয় গুলী, সক্ৰিয় গুলীসহ ৭ টা হাই ডেনছিটি কাৰ্টিজ, কেইবাটাও মেগজিন, ডিটনেটৰসহ অসংখ্য গুলী, বাৰুদ আৰু অন্যান্য বিস্ফোৰক সামগ্ৰী জব্দ কৰে। 

অবৈধ মাৰণাস্ত্ৰ মণিপুৰ