লোহাৰঘাটৰ ভোলাগাঁৱত অবৈধ কাঠভৰ্তি ট্ৰাক জব্দ

লোহাৰঘাটৰ বনাঞ্চলিক বিষয়া নয়নজ্যোতি ডেকাৰ নেতৃত্বত যোৱা এটি বনকৰ্মীৰ দলে AS12E6401  নম্বৰৰ এই কাঠভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মিৰ্জাঃ  পলাশবাৰী আৰক্ষী থানাৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ভোলাগাঁৱত  এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে লোহাৰঘাটৰ বনকৰ্মীৰ দলে। লোহাৰঘাটৰ বনাঞ্চলিক বিষয়া নয়নজ্যোতি ডেকাৰ নেতৃত্বত যোৱা এটি বনকৰ্মীৰ দলে AS12E6401  নম্বৰৰ এই কাঠভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়। 

WhatsApp Image 2026-01-08 at 4.11.59 PM

অৱশ্যে এই ট্ৰাকখন জব্দ কৰাৰ সময়ত ভোলাগাঁও অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ লোকে বাহনখন জব্দ কৰাৰ ক্ষেত্ৰত বনবিভাগৰ লোকসকলক বাধা প্ৰদান কৰে।পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বনবিভাগৰ লোকে কুলসী,ৰাণীৰ পৰা বনকৰ্মীৰ দল আনি এই বাহনখন জব্দ কৰি লোহাৰঘাটৰ বনবিভাগৰ কাৰ্যালয়লৈ আনে।

WhatsApp Image 2026-01-08 at 4.12.00 PM

প্ৰণিধানযোগ্য যে, বনবিভাৰ লোকে জানিবলৈ দিয়া অনুসৰি এই চোৰাং কাঠভৰ্তি ট্ৰাকখন চুবুৰীয়া মেঘালয়ৰ পৰা ৰাণীৰ শুকুৰবেৰীয়া,পাগেলী বাগান হৈ নালাপাৰা,জয়পুৰ আদি ঠাইৰে ভোলাগাঁৱলৈ আনে কাঠ ব্যৱসায়ীয়ে।ইপিনে আৰক্ষী প্ৰশাসন,বনবিভাগৰ একাংশ লোক তথা একাংশ দল সংগঠনৰ লোকক মেনেজ কৰি সঘনাই পলাশবাৰী আৰু ৰাণী আৰক্ষী থানাৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী উক্ত স্থানৰ লগতে উমচুৰ,বাখালাপাৰাআদি কেইবা ঠাইৰ দুৰ্গম অঞ্চলেৰে মেঘালয়ৰ জিৰাং,পাথাৰখামা আদি ঠাইৰ পৰা ভোলাগাঁও,বৰিহাট,মুছলিম সৰপাৰা,মিৰ্জা,পলাশবাৰী,দখলা আদি ঠাইলৈ এইদৰে একাংশ ব্যৱসায়ীয়ে চোৰাংকাঠৰ বেহা অব্যাহত ৰাখিছে।

WhatsApp Image 2026-01-08 at 4.12.00 PM (1)

মিৰ্জা