/asomiyapratidin/media/media_files/2026/01/06/1-2026-01-06-22-37-11.jpg)
ডিজিটেল সংবাদ,মিৰ্জা: পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনৰ কুলশী নদীৰ লগতে ইয়াৰ লগত সংলগ্ন একাংশ নদ নদীত আৰক্ষী প্ৰশাসন তথা বনবিভাগক মেনেজ কৰি বালি খনন অব্যাহত আছে। এনে ঘটনাত অঞ্চলটোৰ সচেতন লোকে জাঙুৰ খাই উঠিছে।
এনে কেইবাটাও কাৰণত বহু সংখ্যক জান-জুৰি,সৰু বৰ বিল জলাহ লগ হৈ সৃষ্টি হোৱা কুলশী নদী অৱবাহিকাৰ বৰ্তমান অৱস্থা বেয়াৰ পিনে গতি কৰিছে। বৰ্তমান শুকাই যাব ধৰা এই কুলশী নদীত চোৰাংকৈ মেচিন ব্যৱহাৰ কৰি একাংশ বালি ব্যৱসায়ীয়ে নিতৌ বালি খনন কাৰ্য অব্যাহত ৰাখিছে।
এই বালি খননৰ নামত কুলশীৰ বনবিভাগে ডিআই,ডাম্পাৰ,ট্ৰাক আদি সৰু বৰ বাহনৰ পৰা ১৫০০ টকাৰ পৰা ২০০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনকি একাংশ বাহনৰপৰা মাহিলী হাৰত মোতা অংকৰ ধন সংগ্ৰহ কৰে বনবিভাগে। এক নিয়ন্ত্ৰণহীন পৰিৱেশত এই বালিভৰ্তি বাহনবোৰ দিনে নিশাই চলাত পথচাৰীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে।
বহু ঠাইত এই বালিভৰ্তি বাহনবোৰৰ দৌৰাত্ম্যৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাই নহয়,বহুলোকে প্ৰাণ দিবলগীয়া হৈছে। কিন্তু আৰক্ষী প্ৰশাসন তথা বনবিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল।আনকি এই বালিভৰ্তি বাহনবোৰ যতে ততে ৰখাই থোৱাই নহয়,মিৰ্জা চানডুবি পথৰ ভোলাগাঁৱৰ ৰহিমা বিবি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পথ তথা ভোলাগাঁওৰ পেট্ৰল পাম্পৰ কাষৰ পথৰ উপৰি ছয়গাঁও, উকিয়াম,ৰতনপুৰ,ঘোৰামাৰা,সতপুৰ,মিৰ্জা,বিজয়নগৰ,কুকুৰমাৰা আদি বহু পথত বালি জমা কৰি থোৱাত পথচাৰীয়ে বিপাঙত পৰিছে।
ৰাইজৰ অভিযোগ পালে মাজে সময়ে বনবিভাগৰ লোক বা আৰক্ষীয়ে আহি ৰাজহুৱা স্থানত জমা বালিৰ দম আৰু বালিভৰ্তি বাহনবোৰ আঁতৰাই দিয়ে যদিও বিশেষ কাম নাহে। এই সমস্যা সমূহৰ সমান্তৰালকৈ কুলশী নদীত প্ৰাপ্ত ৰঙা বালিৰ কাৰণে ইয়াত চৰকাৰীভাৱে অনুমোদন দিয়া মহল সমূহৰ বাদেও চোৰাং ভাবে মেচিনেৰে বালি খননৰ ফলত কুলশী নদীৰ চৰম অৱনতি ঘটিছে।
ফলস্বৰূপে কুলশী নদীৰ এটা শাখা দ হৈ নদীখন ছয়গাঁওৰ ফালে গতি কৰিছে আৰু আনটো অৰ্থাৎ কুকুৰমাৰা,ঘোৰামাৰা শাখাটো সমুলি শুকাই গৈ আছে। এই শুকাই গৈ থকা কুলশী নদীৰ শাখাটো এসময়ত শিহুৰ বাসস্থানৰ উত্তম স্থান বুলি বিবেচিত হৈছিল। তাত খাদ্য বস্তু উভয়নদী আছিল তথা প্ৰজননৰ কাৰণে অনুকুল নিৰ্মল পানী আছিল।
এসময়ত শিহুৰ জলকেলিও দেখা গৈছিল যদিও বৰ্তমান তেনে পৰিৱেশ লুপ্ত হৈছে। এনে বিভিন্ন কাৰণত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী ৰূপে ঘোষণা কৰা এই আপুৰুগীয়া প্ৰাণী শিহুৰ বাসস্থান বিলুপ্তিৰ ঘটনা দুখজনক বুলি বিবেচিত হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us