লোহাৰঘাটত অব্যাহত আছে অবৈধ বালি খনন

পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনত বৃহৎ পৰিমাণৰ অবৈধ বালি খনন আৰু পৰিবহণ চলি থকাৰ অভিযোগ উঠিছে

author-image
Asomiya Pratidin
New Update
512

ডিজিটেল সংবাদ,পলাশবাৰী : পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনত বৃহৎ পৰিমাণৰ অবৈধ বালি খনন আৰু পৰিবহণ চলি থকাৰ অভিযোগ উঠিছে। অবৈধভাৱে দিনে নিশাই শ শ বালি ভৰ্তি ট্ৰাক, ডাম্পাৰ চলি আছে যাৰ কাৰণে অসম চৰকাৰে কৌটি কৌটি টকাৰ ৰাজহ লোকচানৰ সন্মুখীন হৈছে।লোহাৰঘাট বন বিষয়াৰ লগত গোপনে ধনৰ লেনদেন কৰি অসাধু চক্ৰৰ নেতৃত্বত অবৈধভাৱে ৰমৰমীয়া বালি ব্যৱসায় চলি থকাৰ লিখিত অভিযোগ দিছে লোহাৰঘাট অঞ্চলৰ কেইবাজনো সচেতন ব্যক্তিয়ে।

বিগত ১চেপ্টেম্বৰত পলাশবাৰী উপ-জিলা আয়ুক্ত ৰশ্মি বৰুৱা গগৈলৈ দাখিল কৰা এখন স্মাৰপত্রত উক্ত অভিযোগৰ বিৱৰণ দাঙি ধৰা হৈছে । স্মাৰকপত্রত উল্লেখ কৰা অনুসৰি, ২০২৩ চনত বাঠা নং ২ বালি মহলৰ প্ৰায় ৭০,০০০ ঘন মিটাৰ বালিৰ নিবিদা  আহ্বান কৰা হৈছিল।

যদিও টেণ্ডাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতো এতিয়ালৈকে কোনো ঠিকাদাৰক অনুমতি প্ৰদান কৰা হোৱা নাই। এই পৰিস্থিতিত বৈধ অনুমতি নোহোৱাকৈ ২০২৩ চনৰ পৰাই এক সংগঠিত বালি চিণ্ডিকেটে অবৈধভাৱে কাৰ্যকলাপ চলাই আহিছে আৰু বালি ব্যৱসায় কৰি আছে।

অভিযোগকাৰীয়ে কয় যে, এই চিণ্ডিকেটটো নিৰ্দিষ্ট কিছু ব্যক্তিৰ আছুতীয়াভাৱে বন বিষয়া আৰু বন বিভাগৰ ভিতৰৰেই কিছুমান  বিষয়াৰ পৃষ্ঠপোষকতাত চলি আছে। উক্ত ছিণ্ডিকেটৰ নায়ক দুজন ক্ৰমে জ্যৌতিশ ৰাভা আৰু ভাস্কৰ ৰাভা গাঁও দেউপানিৰ বুলি লিখিত অভিযোগ দিছে ।

অভিযোগত  মতে, তেওঁলোকৰ নেতৃত্বত এখন সুসংগঠিত নেটৱৰ্কে অনুমতি নোহোৱাকৈ বিভিন্ন স্থানৰ পৰা বালি খনন আৰু পৰিবহণ কৰি আহিছে। অভিযোগ অনুসৰি গাৰিলিক, তামুলবাৰী, বাহবাৰী, জোঙাগুৰি, টেটেলীৰ টল আদি স্থানত অবৈধভাৱে বালি  উঠোৱা কাৰ্য্য চলি আছে।

স্থানীয় ৰাইজৰ মতে, সাধাৰণ জনতাৰ কাৰনে বন বিভাগৰ আইন অতি কঠোৰ। কিন্তু বন বিভাগৰ লগত মিতিৰালি কৰা সকলোৰে কাৰনে  কঠোৰ সত্ত্বেও এই অবৈধ কাৰ্যকলাপ একেবাৰে মুক্তভাৱে চলি আছে। মৰমৰ শিল্পী জুবিন গাৰ্গ মৃত্যুৰ শোকত ম্ৰিয়মান হৈ থাকাৰ সময়তো বালিৰ চিণ্ডিকেট দিনে নিশাই চলি আছিল বুলি অভিযোগ দিছে।

প্ৰতিখন বালি কঢ়িয়াই অনা গাড়ীৰ পৰা ৬৫০০ টকাৰ পৰা ৭০০০ (সাত হাজাৰ)টকা সংগ্ৰহ কৰে উক্ত ছিণ্ডিকেটৰ না‌য়কদুজনে। স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বন মন্ত্ৰীলৈ  অনুৰোধ জনাইছে যাতে বিষয়টোৰ গভীৰ তদন্ত কৰি বালিৰ ছিণ্ডিকেটৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। অন্যথা ৰাইজে ৰাজপথলৈ ওলাই আহি আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব।

অবৈধ বালি খনন