/asomiyapratidin/media/media_files/2026/01/23/687-2026-01-23-23-08-30.jpg)
ডিজিটেল সংবাদ, ডবকা : ডবকাত বন বিভাগৰ কৰ্তব্যত গাফিলতিৰ অভিযোগ উত্থাপন হোৱাৰ মাজতে আৰক্ষীয়ে অবৈধ বালি সৰবৰাহৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । ডবকাৰ যমুনা উপত্যকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত চৌধুৰী বজাৰ এলেকাত দীৰ্ঘদিন ধৰি অসাধু লোকৰ দ্বাৰা বনজ সম্পদৰ ৰমৰমীয়া অবৈধ ব্যৱসায় চলি আহিছে বুলি অভিযোগ উঠিছে।
এই ক্ষেত্ৰত বন বিভাগ গভীৰ নিদ্ৰাত থকাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে চৌধুৰী বজাৰ আৰক্ষীয়ে নাকা তালাচী চলাই থকাৰ মাজতে চালানবিহীন AS 01 KC 8230 আৰু AS 02 AC 7925 নম্বৰৰ দুখন ট্ৰেক্টৰ জব্দ কৰে। জানিব পৰা মতে, চালানবিহীনভাৱে যমুনানৈৰ চিতলমাৰী ঘাটৰ পৰা বালি সৰবৰাহ কৰা হৈছিল।
পিছত চৌধুৰী বজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিমল সিং ডেকাই জব্দ কৰা দুয়োখন ট্ৰেক্টৰ ডবকা আঞ্চলিক বন বিষয়াৰ হাতত চমজাই দিয়ে। উল্লেখযোগ্য যে, পূৰ্বৰে পৰা চিতলমাৰীৰ বহু কেইটা ঘাটত অবৈধ বালি খননৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ আছে। এই অবৈধ কাৰ্যকলাপত কোন কোন লোক জড়িত আছে সেয়া সঠিক তদন্ত কৰিলে পোহৰলৈ আহিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us