/asomiyapratidin/media/media_files/2025/12/13/ffdfdfdfdfdfff-2025-12-13-21-41-52.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ বনবিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ থুৰিবাৰী গাঁৱত চম্পাৱতী নৈৰ বুকুত চলিছে অবৈধ খননকাৰ্য চলাই শিল বালিৰ বেহা চলাই যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় লোকৰ অভিযোগ একপ্ৰকাৰ মাফিয়া কায়দাৰে জেচিবি, এস্কেভেট আদি নৈৰ বুকুত নমাই বছৰৰ পিছত বছৰ ধৰি অবৈধ ভাবে খননকাৰ্য চলাই ট্ৰাক, ডাম্পাৰে দি শিল বালি সৰবৰাহ কৰি আছে।
সম্প্ৰতি শিল বালিৰ মাফিয়া চক্ৰটোয়ে সুবিধা অনুসৰি চম্পাৱতী নৈৰ বুকুত অবৈধ ভাবে বালিৰ বান্ধ নিৰ্মাণ কৰি নৈৰ গতিপথ সলনি কৰি দি নতুনকৈ চম্পাৱতী নৈৰ বুকুত খননকাৰ্য আৰম্ভ কৰিছে । নৈৰ গতিপথ সলনি কৰাৰ ফলস্বৰূপ চম্পাৱতী নৈৰ নতুনকৈ আৰম্ভ হৈছে গৰাখহনীয়া।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/whatsapp-image-2025-12-13-21-42-22.jpeg)
আনহাতে, চম্পাৱতী নৈৰ গতিপথ সলনি কৰাৰ ফলত আৰম্ভ হোৱা গৰাখহনীয়াক লৈ শংকিত হৈ পৰিছে নৈপৰীয়া থুৰিবাৰী গাঁৱৰ কৃষিজীৱী ৰাইজ। এতিয়া খৰালি বতৰ নৈৰ বুকুত জলস্তৰ যথেষ্ট কম তাৰ মাজতেই যদি গৰাখহনীয়া হবলৈ আৰম্ভ কৰিছে তেনেহলে বাৰিষাৰ বতৰত কি ধৰনৰ গৰাখহনীয়া হব তাকে চিন্তা কৰি নৈপৰীয়া লোক সকলে যথেষ্ট চিন্তিত হৈ পৰিছে। বৰ্তমান সময়ত তিনিটাকৈ শৈলবান্ধৰ বাবে গৰাখহনীয়া বন্ধ আছিলে কিন্তু নৈৰ গতিপথ সলনি কৰাৰ বাবে ইমানে নৈপৰীয়া থুৰিবাৰী গাঁৱৰ ৰক্ষাকৱচ হিচাপে থকা শৈলবান্ধ কেইটালৈ তীব্ৰ ভাবুকি সৃষ্টি কৰিছে।
লক্ষ্যনীয় বিষয় যে, শিল বালি মাফিয়াৰ দলটোয়ে ইয়াতে ক্ষান্ত নেথাকি থুৰিবাৰী গাঁৱৰ কেইবাজনো বাসিন্দাৰ ম্যাদী পট্টা ভূমিত এস্কেভেটৰ লগাই খননকাৰ্য চলাবলৈ আৰম্ভ কৰে। পিছত মাটিৰ গৰাকীয়ে বাধা প্ৰদান কৰাত সাময়িক ভাবে তাৰ পৰা আঁতৰি যায় যদিও মাটিৰ গৰাকী ঘৰত উভতি অহাৰ পিছতেই আকৌ খননকাৰ্য চলোৱা আৰম্ভ কৰে বুলি ভুক্তভোগী মাটিৰ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে। তাৰ পিছত ভুক্তভোগী মাটিৰ মালিকে বাসুগাঁও স্থিত বনবিভাগৰ বনাঞ্চলিক বিষয়াৰ সৈতে সাক্ষাৎ কৰি অভিযোগ উত্থাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/whatsapp-image-2025-12-13-21-42-40.jpeg)
ইফালে, দুদিন পিছত বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জিপিএছ মানচিত্ৰৰ সহায়ত নিশ্চিত কৰে যে অভিযোগ দাখিল কৰা মতে চম্পাৱতী নৈৰ উক্ত ঠাইডোখৰত বনবিভাগৰ দ্বাৰা আবন্টিত শিলবালিৰ মহল নাই, সেয়া সম্পূৰ্ণ অবৈধ খননকাৰ্য চলাই থকা হৈছে। বনবিভাগৰ লোকে পৰিদৰ্শনৰ অন্তত সমগ্ৰ বিষয়টোক উৰ্দ্ধতন কতৃপক্ষক অৱগত কৰি বিহীত ব্যবস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰি গুচি যায়। মন কৰিবলগীয়া বিষয় যে, বনবিভাগৰ লোক আহি গুচি যোৱাৰ পিছদিনাই পূৰ্বৰ দৰেই এস্কেভেটৰ দি চম্পাৱতী নৈৰ বুকুত অবৈধ খননকাৰ্য অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us