দৈগ্ৰোং আৰু কালিয়নি নদীত অবাধ শিল- বালি খনন...

বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ বনবিভাগৰ বকিয়াল,নুমলীগড়, মুৰফুলনী খণ্ড বন কাৰ্যালয়ে এই শিল বালিৰ অবৈধ বেহাৰ পৃষ্ঠপোষকতা কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বোকাখাতঃ  গোলাঘাট বন বিভাগৰ পৃষ্ঠপোষকতাতেই গোলাঘাট জিলাৰ দৈগ্ৰোং আৰু কালিয়নি নদীত বালি মাফিয়াই অবাধ গতিত সংগ্ৰহ কৰিছে বালি আৰু শিল ফলত দুয়োখন নদীৰ স্বাভাৱিক গতিধাৰাত বাধাৰ সৃষ্টি হোৱাৰ লগতে বুকুত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে।

বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ বনবিভাগৰ বকিয়াল,নুমলীগড়, মুৰফুলনী খণ্ড বন কাৰ্যালয়ে এই শিল- বালিৰ অবৈধ বেহাৰ পৃষ্ঠপোষকতা কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। গোলাঘাটৰ ডিএফ অ, ৰেঞ্জাৰ, বিট কাৰ্যালয়ত বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ বন বিভাগৰ লোকে গিজগিজাই থকাৰ পাছতো বকিয়াল, সুন্দৰপুৰ, বুঢ়াগোহাঁইখাট, কালিয়নী, নগাকটা, কাঠনি, শ্যামৰাইপুৰ, মুৰফুলনী, নুমলীগড়, কানাইঘাট, পাৰঘাট আদি অঞ্চলৰ পৰা দৈনিক অবাধ গতিত চলি আহিছে অবৈধ বালি খনন।

শ শ ডাম্পাৰে দৈনিক অবাধ গতিত সৰবৰাহ কৰিছে শিল-বালি। উল্লেখযোগ্য যে এনেদৰে অবৈধ শিল-বালি খননৰ বাবে কালিয়নি আৰু দৈগ্ৰোং দুয়োখন নদীৰ বুকুত সৃষ্টি হোৱা গাঁতৰ বাবেই নামবৰ হাবিৰ বন্যপ্ৰাণী বিশেষকৈ বন্য হস্তীৰ পানী সেৱনত ভাবুকিৰ সৃষ্টি হৈছে। বন বিভাগৰ পৃষ্ঠপোষকতাতেই চলি থকা এই অবৈধ কাৰ্যকলাপ বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ দৃষ্টিত পাৰিছেনে বুলি প্ৰশ্ন কৰিছে সচেতন মহলে।

গোলাঘাট