বগা পেটিয়া শগুনৰ আবাসস্থল পৰ্বতঝোৰাৰ পাহাৰত চলিছে ৰঙা মাটিৰ অবৈধ খনন

ড° হৰি চৰণ দাসে এছিয়া মহাদেশৰ ভিতৰত প্ৰায় বিলুপ্ত প্ৰজাতিৰ বগা পেটিয়া শগুন বসবাস কৰা পৰ্বতঝোৰা বনাঞ্চলত দুষ্ট চক্ৰই কেনেকৈ ৰঙা মাটি খনন কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে অতি সোনকালে এই অবৈধ পাহাৰ খনন বন্ধ কৰাৰ দাবী জনায়।

author-image
Asomiya Pratidin
New Update
new ap web 2 (27)

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ পৰ্বতঝোৰাত অব্যাহত আছে ৰঙা মাটিৰ ছিণ্ডিকেট। ছিণ্ডিকেট চক্ৰই দিনে নিশাই এখনৰ পিছত আনখন পাহাৰ খনন কৰি ডাম্পাৰে ডাম্পাৰে ৰঙা মাটি সৰবৰাহ ধুবুৰী গৌৰীপুৰলৈ। এই ছিণ্ডিকেট চক্ৰটোৰ হাতোৰাত বন্দী পৰ্বতঝোৰাৰ DFO অবিনাশ বসুমতাৰী আৰু বন প্ৰহৰী (Protection Renger) মহিন্দ্ৰ বসুমতাৰী।

অভিযোগ অনুসৰি, শ্ৰী বালাজী কংষ্ট্ৰাকচন নামৰ বাহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে পাট্টা মাটিত মাইনিং কৰাৰ অনুমতিলৈ বনাঞ্চলৰ পাহাৰ খনন কৰি নিতৌ শ শ ডাম্পাৰৰে ৰঙা মাটি সৰবৰাহ ছিণ্ডিকেট চক্ৰৰ। দালাল মুন আৰু অধিকাৰী উপাধিৰ এজন চৰকাৰী শিক্ষক আৰু শাসকীয় দলৰ নেতাৰ নেতৃত্বত পৰ্বতঝোৰাত চলিছে এই ৰঙা মাটিৰ বৃহৎ ছিণ্ডিকেট।

গোপন সূত্ৰৰ মতে, ছিণ্ডিকেট চক্ৰই প্ৰতিদিনে ১২-১৪ চকা ডাম্পাৰৰ পৰা সংগ্ৰহ দুই হেজাৰ টকা আৰু ১০ চকীয়া ডাম্পাৰ পৰা ১৫ শ টকা আৰু ৬ চকা ডাম্পাৰ পৰা ১৩ শ টকা সংগ্ৰহৰ অভিযোগ। পাহাৰ খনন কৰি মৰুভূমিলৈ ৰূপান্তৰ কৰা বন বিভাগৰ বিৰুদ্ধে সৰৱ নামনি অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ সভাপতি আব্দুল বাৰেক ফকিৰ। অতি সোনকালে DFO ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।

ইফালে, প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ BTC অঞ্চলৰ এনে অবাধে ৰঙা মাটি খনন কাৰ্যকলৈ জাঙুৰ খাই উঠিছে প্ৰকৃতি প্ৰেমী সংগঠন, অৰণ্য় সুৰক্ষা সমিতি, অসম আৰু বিভিন্ন দল সংগঠন। অৰণ্য সুৰক্ষা সমিতিৰ প্ৰধান সচিব ড° হৰি চৰণ দাসে এছিয়া মহাদেশৰ ভিতৰত প্ৰায় বিলুপ্ত প্ৰজাতিৰ বগা পেটিয়া শগুন বসবাস কৰা পৰ্বতঝোৰা বনাঞ্চলত দুষ্ট চক্ৰই কেনেকৈ ৰঙা মাটি খনন কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে অতি সোনকালে এই অবৈধ পাহাৰ খনন বন্ধ কৰাৰ দাবী জনায়।

এতিয়া প্ৰশ্ন হয়, প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰি থকা পৰ্বতঝোৰাত বনাঞ্চলৰ পাহাৰ খনন কৰি  ৰঙা মাটি সৰবৰাহ কৰাত বহিৰাগত বনিয়াক কিমান মূল্যৰ বিনিময়ত বৰ পীৰা পাৰি দিছে DFO অবিনাশ বসুমতাৰী আৰু বন প্ৰহৰী (Protection Renger) মহেন্দ্ৰ বসুমতাৰী। দিনে ৰাতিয়ে পৰ্বতঝোৰা পাহাৰ খনন চলি থকাৰ পিছতো বন বিভাগৰ নৱ নিৰ্বাচিত EM পানিৰাম ব্ৰহ্ম কোনো ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টোয়ে সচেতন মহলত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

পৰ্বতঝোৰা