ঢকুৱাখনাত অবৈধ খননেৰে বনজ সম্পদৰ চোৰাং বেহা

ঢকুৱাখনাত অব্যাহত আছে বনজ সম্পদৰ চোৰাং বেহা। ঢকুৱাখনা, ঘিলামৰাৰ বিভিন্ন স্থানত চৰকাৰী ভূমি, শুকান নদীৰ বক্ষ, জলাশয়, আদ্ৰ ভূমি অবৈধ ভাৱে খনন কৰি এক গোপন বেহা চলাই আহিছে দুষ্ট চক্ৰই। 

author-image
Asomiya Pratidin
New Update
hgusiuhdtyjhb

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাত অব্যাহত আছে বনজ সম্পদৰ চোৰাং বেহা। ঢকুৱাখনা, ঘিলামৰাৰ বিভিন্ন স্থানত চৰকাৰী ভূমি, শুকান নদীৰ বক্ষ, জলাশয়, আদ্ৰ ভূমি অবৈধ ভাৱে খনন কৰি এক গোপন বেহা চলাই আহিছে দুষ্ট চক্ৰই। 

শেহতীয়াভাৱে ঢকুৱাখনা সমজিলা আৰু ঢকুৱাখনা খণ্ড উপ বন সংমণ্ডলৰ অধীনৰ দৰ্গে গাঁওত এনে এক অসৎ চক্ৰই নদীৰ এৰা সুঁতিৰ বক্ষ খান্দি বেপাৰ চলাই থকাৰ খবৰ লাভ কৰে ঢকুৱাখনা বন বিভাগে। সেই খবৰৰ ভিত্তিত মঙলবাৰে দুপৰীয়া ঢকুৱাখনাৰ উপ খণ্ড বন কাৰ্য্যালয়ৰ বিষয়া কৰবী হাজৰিকাৰ নেতৃত্বত এটা বন বিভাগৰ দলৰ লগতে লখিমপুৰ জিলা বন বিভাগৰ ফৰেষ্টাৰ হেম চন্দ্ৰ দাসৰ নেতৃত্বতত ৪ জনীয়া এটা দলে অতি ভিতৰুৱা দৰ্গে গাঁও তিনিআলিৰ সমীপৰ মৰা সোৱণশিৰিৰ সুঁতিত উপস্থিত হয়। কিন্তু চতুৰ চোৰাং বনজ সম্পদৰ বেপাৰী চক্ৰই এই সম্ভাব্য অভিযানৰ খবৰ পাই খনন কাৰ্যত ব্যৱহৃত এক্সেভেটৰ, ডাম্পাৰ, ট্ৰেক্টৰ আদি লৈ উধাও হয়। একাংশ ডাম্পাৰে ৰাজপথৰ ওপৰতে বালি পেলাই খালি গাড়ী লৈ পলায়ন কৰে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি প্ৰায় এটা সপ্তাহ ধৰি জনৈক বৰুৱা উপাধিৰ এজন চোৰাং বেপাৰীয়ে মুকলিভাবে বালি খনন কৰি একাংশ বালি মজুত ৰাখি ব্যৱসায়িক যোগান ধৰি আহিছে। এই বালি মজুত ৰখা ব্যৱসায়ী সকলে সোৱণশিৰি নদীৰ বালিৰ লগত এই বালি মিহলি কৰি গ্ৰাহকক সোৱণশিৰিৰ বালি বুলি উচ্চ দৰত বিক্ৰী কৰি আহিছে।

ইফালে, দৈনিক ৩-৪ খন ডাম্পাৰ, ট্ৰেক্টৰৰ জৰিয়তে চলা অবৈধ অবাধ খননত জড়িত বৰুৱা উপাধিৰ চোৰাং বেপাৰীজনে এই ব্যৱসায়ত ঢকুৱাখনাৰ এগৰাকী নিৰ্বাচিত জিলা পৰিষদৰ পদবীধাৰী জড়িত থকা বুলি দাবী কৰি ৰাইজ আৰু বন বিভাগক হেঁচা প্ৰয়োগ কৰি আহিছে। পথৰ দাঁতিতে এনে অবৈধ খনন কৰি গোগামুখৰ থেকেৰাগুৰি সংযোগী পথ আৰু ঘূণাসুঁতি সংযোগী পথৰ সৈতে যোগাযোগ কৰা দৰ্গে গাঁও সংযোগী পথলৈ প্ৰচণ্ড ভাবুকি নমাই অনাৰ আশংকা কৰা হৈছে।

আনহাতে, নিজকে গেৰুৱা ৰাজনৈতিক দলৰ কৃপাধন্য বুলি জাহিৰ কৰি চৰকাৰী ভূমিত চলোৱা এনে অবৈধ খননেৰে বেপাৰ চলাই অহা মুনাফালোভী চোৰাং বেপাৰীটোৰ ওপৰত কঠোৰ আইনগত প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে প্ৰকৃতিপ্ৰেমী সংগঠন আৰু সচেতন ৰাইজে।

ঢকুৱাখনা