Advertisment

অবৈধ সুৰাৰ বিৰুদ্ধে জামুগুৰিহাটত তীব্ৰ অভিযান সচেতন মহিলাৰ...

অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনোৱাৰ পিছতো সফল নোহোৱাত মহিলা সমাজে আৰক্ষীৰ সহযোগত সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে এই অভিযান চলাবলৈ বাধ্য হয় ৷

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে অবৈধ সুৰাৰ প্ৰচলন । অবাধ হাৰত বিভিন্ন নিচাযুক্ত দ্ৰব্যৰ সেৱন আৰু বিক্ৰীয়ে চিন্তাত পেলাইছে অঞ্চলটোৰ সচেতন ৰাইজক ।

Advertisment

অবৈধ সুৰাৰ প্ৰচলন তথা সেৱনৰ বিৰুদ্ধে মঙলবাৰে অঞ্চলটোৰ বহু সংখ্যক মহিলাই সুৰা বিৰোধী অভিযানত নামিছিল । কিন্তু সেয়া সফল নহ'ল। ফলস্বৰুপে বুধবাৰে পুনৰ মদ-ভাং,জুৱা আদিৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে অভিযান চলাবলৈ ৰাজপথলৈ ওলাই আহে শতাধিক মহিলা ।

জামুগুৰিহাটৰ বৃহত্তৰ টুপীয়া অঞ্চলৰ পৰা বুধবাৰে সন্ধিয়া ওলাই অহা মহিলা সকলে জামুগুৰি আৰক্ষীৰ সহযোগত টুপিয়া ব্যৱসায়ীক কেন্দ্ৰৰ কেইবাখনো দোকানত অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷ সচেতন মহিলা সকলে অভিযোগ কৰা মতে অঞ্চলটোত সুলভ মূল্যৰ অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ বাবেই সৰু ল’ৰা তথা শিক্ষাৰ্থীৰ লগতে বহু লোক সুৰাসেৱন কৰি ধংসৰ মুখলৈ গতি কৰিছে ৷  

অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনোৱাৰ পিছতো সফল নোহোৱাত মহিলা সমাজে আৰক্ষীৰ সহযোগত সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে এই অভিযান চলাবলৈ বাধ্য হয় ৷ অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ অৰুণাচলী সুৰা,চুলাই মদ,ভাঙৰ ৰমৰমীয়া ব্যৱসায়ৰ লগতে তীৰ খেলৰ ব্যৱসায় বন্ধ কৰাৰ বাবে অনাগত দিনতো মহিলা সকল একত্ৰিত হৈ এই অবৈধ ব্যৱসায়ী সকলৰ বিৰুদ্ধে কথোৰ অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে সচেতন মহিলাসকলে ৷

জামুগুৰিহাট অবৈধ সুৰা