দক্ষিণ শালমাৰাৰ বিভিন্ন স্থানৰ পৰা জব্দ বুজন পৰিমাণৰ অবৈধ সোণঃ আটক ৩

আৰক্ষীয়ে গুলজাৰৰ পৰা এটা সোণৰ বিস্কুট, নগদ ২,৩২,০০০ টকা আৰু AS340455 নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰে। অভিযুক্তৰ পৰা পোৱা তথ্যৰ পম খেদি আৰক্ষীয়ে সোণাৰপাৰা গাঁৱৰ উমৰ ফাৰুগ, সুমন আলীক গ্ৰেপ্তাৰ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদমেল,মানকাচাৰঃ  দেওবাৰে নিশা এক বিশেষ সূত্ৰৰ পম খেদি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই বহু পৰিমাণৰ অবৈধ সোণ,নগদ ধন আৰু মৰণাস্ত্ৰ জব্দ কৰে। আৰক্ষীয়ে অভিযানত নয়াগাঁৱৰ গুলজাৰ হুছেইন নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গুলজাৰৰ পৰা এটা সোণৰ বিস্কুট, নগদ ২,৩২,০০০ টকা আৰু AS340455 নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰে। অভিযুক্তৰ পৰা পোৱা তথ্যৰ পম খেদি আৰক্ষীয়ে সোণাৰপাৰা গাঁৱৰ উমৰ ফাৰুগ, সুমন আলীক গ্ৰেপ্তাৰ কৰে।

দুই অভিযুক্তৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে ১ লাখ ৮৮ হাজাৰ নগদ ধন উদ্ধাৰ কৰে। তদুপৰি, মানকাচৰ সুশীল কুমাৰ কোথাৰীৰ পুত্ৰ ৰাকেশ কোথাৰীৰ বাসগৃহৰ পৰা আৰক্ষীয়ে অতিৰিক্ত দুটা সোণৰ বিস্কুট উদ্ধাৰ কৰে। ৰাকেশ কোথাৰী বৰ্তমান পলাতক অৱস্থাত আছে।

গোপন সূত্ৰ পম খেদি আৰক্ষীয়ে জিয়ন আলীৰ পুত্ৰ মফিদুল ইছলামৰ বাসগৃহত অনুসন্ধান চলাই এটা ভঙা সোণৰ বিস্কুট (১০ টোলা মূল্যৰ লগতে হিচাপহীন সোণৰ গহনা জব্দ কৰে। ইতিমধ্যে অভিযুক্ত কেইজনক মানকাচৰ থানালৈ আনি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

দক্ষিণ শালমাৰা