মণিপুৰৰ বিভিন্ন স্থানৰ পৰা বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ

পূৱ  ইম্ফল, পশ্চিম ইম্ফল আৰু চূৰাচান্দপুৰ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ, সক্ৰিয় গুলি, বিষ্ফোৰক সামগ্ৰী আৰু অন্যান্য আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।

author-image
Asomiya Pratidin
New Update
700

ডিজিটেল সংবাদ, শিলচৰ : ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈ থকা চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। পূৱ  ইম্ফল, পশ্চিম ইম্ফল আৰু চূৰাচান্দপুৰ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ, সক্ৰিয় গুলি, বিষ্ফোৰক সামগ্ৰী আৰু অন্যান্য আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।

পূৱ  ইম্ফল জিলাৰ তিনি স্থান, পশ্চিম ইম্ফল জিলাৰ দুই স্থান আৰু চূৰাচান্দপুৰ জিলাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে এই অবৈধ মাৰণাস্ত্ৰ সমুহ জব্দ কৰে। অভিযান কালত ১৭টা  SBBL ৰাইফল, ৩টা পইন্ট থ্ৰি জিৰো থ্ৰি ৰাইফল, ১০টা পিষ্টল, ১১ টা হেণ্ড গ্ৰেনেড, ১ টা Bolt Action ৰাইফল, ২টা চিংগল বেৰেল ৰাইফল ২টা পম্পি গান, ১টা SLR, বিভিন্ন অস্ত্ৰৰ ৬ টা মেগজিন, বিভিন্ন মাৰণাস্ত্ৰৰ অসংখ্য সক্ৰিয় গুলি, ১টা আই ই ডি, ১ কেজি‌ বিষ্ফোৰক কেইবাটাও কাৰ্টিজ সহ বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয় ।

মণিপুৰ