ভঙাগড়ত পাৰ্কিঙৰ নামত অবৈধ ধন সংগ্ৰহঃ যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ উপস্থিতিত পলাল ধন সংগ্ৰহকাৰী

গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ ভঙাগড়ৰ ব্যক্তিগত খণ্ডৰ এখন হাস্পতালৰ গাতে লাগি থকা এডোখৰ ঠাইত পাৰ্কিঙৰ নামত দীৰ্ঘদিনৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি থকাৰ অভিযোগ।

author-image
Asomiya Pratidin
New Update
ভঙাগড়ত পাৰ্কিঙৰ নামত অবৈধ ধন সংগ্ৰহঃ যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ উপস্থিতিত পলাল ধন সংগ্ৰহকাৰী

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ ভঙাগড়ৰ ব্যক্তিগত খণ্ডৰ এখন হাস্পতালৰ গাতে লাগি থকা এডোখৰ ঠাইত পাৰ্কিঙৰ নামত দীৰ্ঘদিনৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি থকাৰ অভিযোগ। আজি এই পাৰ্কিং স্থলীত উপস্থিত হয় যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰৰ এটা সজাটি দল। 

এই দলটোৱে উক্ত স্থানত উপস্থিত হৈয়ে অবৈধভাৱে ধন সংগ্ৰহ কৰি থকা কেইজনমান যুৱকৰ লগতে সেই স্থানতে বাস কৰা একাংশ লোকক এই সন্দৰ্ভত বিভিন্ন প্ৰশ্ন কৰাত প্ৰথমে বিভিন্ন ধৰণে উত্তৰ দিবলৈ চেষ্টা কৰে যদিও পিছত পলায়ন কৰে। উল্লেখ্য যে, এই কিশোৰ, যুৱক কেইজনে হাস্পতাললৈ অহা বিভিন্ন ব্যক্তিৰ পৰা পাৰ্কিঙৰ নামত প্ৰতিখন বাহনৰ পৰা ধন সংগ্ৰহ কৰে। 

ইয়াৰ বাবে তেওঁলোকে একোখনকৈ ৰিচিপ দিয়ে যদিও সেই ৰিচিপ যে ভুৱা সেয়া দেখিলেই স্পষ্ট হয়। তাত নাথাকে কোনো স্বাক্ষৰ অথবা ছীল। তাৰোপৰি এইসকল যুৱক, কিশোৰে অবৈধভাৱে পাৰ্কিঙৰ ধন সংগ্ৰহ কৰাৰ সময়ত বিভিন্নজনক দুৰ্ব্যৱহাৰো কৰি অহাৰ অভিযোগ আছে। 

আনহাতে এইদৰে অবৈধভাৱে পাৰ্কিঙৰ ধন সংগ্ৰহত একাংশ ড্ৰাগছ আসক্তকো নিয়োজিত কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি প্ৰশ্ন উত্থাপন কৰে যুৱ-ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলাৰ সাধাৰণ সম্পাদক সুকুমাৰ বৰ্মনে। 

ইফালে এই স্থানতে থকা সৰু সৰু ঘৰবোৰত বাস কৰি থকা লোকসকলৰ একাংশক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে। ধুবুৰী, গোৱালাপাৰা আদিৰ পৰা আহি ইয়াত বাস কৰি থকা এইসকল লোকৰ মাজতে একাংশ সন্দেহজনক লোকো থকাৰ সন্দেহ প্ৰকাশ কৰে। 

লক্ষ্যণীয় বিষয় যে, এই ব্যক্তিগত খণ্ডৰ হাস্পতালখনৰ ৰোগীৰ অভিভাৱকৰ ওপৰতে এইদৰে অবৈধ ভাৱে পাৰ্কিঙৰ নামত ধন সংগ্ৰহ কৰা বিষয়টোক লৈ কিয় নিমাত হৈ আছে তাক লৈয়ো প্ৰশ্ন উঠিছে। একেদৰে এই স্থানৰ পৰা মাত্ৰ কেই মিটাৰ মান আঁতৰত ভঙাগড় আৰক্ষী থানা। তাৰ পিছতো কিদৰে ইমান সাহসেৰে অবৈধ পাৰ্কিং সংগ্ৰহ কৰি আছে সেই বিষয়টোও লক্ষ্যণীয়। 

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ