/asomiyapratidin/media/media_files/2026/02/06/jyu56terfedfdfd-2026-02-06-13-22-16.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰৰ বিভিন্ন প্ৰান্তত অবৈধ ভাৱে গঢ় লৈ উঠিছে শতাধিক অবৈধ ইটা ভাটা। চৰকাৰক কোনো ধৰণৰ কৰ নিদিয়াকৈ অসাধু ব্যৱসায়ীয়ে চলাই আছে এনে অবৈধ ইটা ভাটাসমূহ।
জানিব পৰা মতে, প্ৰতি বছৰে জিলাখনৰ বিভিন্ন প্ৰান্তত এইদৰে অবৈধ ইটা ভাটা চলাই আহিছে এটা অসাধু ব্যৱসায়ী চক্ৰই।প্ৰশাসনক মেনেজ কৰি অবৈধ ইটা ভাটা চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। বিশেষকৈ মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনস্থ বিভিন্ন গাঁওৰ ভিতৰত ৰাস্তাৰ কাষত নিৰ্মাণ কৰা হৈছে এনে অবৈধ ইটা ভাটাসমূহ।
/asomiyapratidin/media/post_attachments/48bbe4d8-c46.png)
ইফালে, অবৈধ ইটা ভাটাৰ কলা ধোঁৱাই পৰিৱেশ প্ৰদূষিত কৰাত অভিযোগ তুলিছে সচেতন মহলে। বিগত বছৰত এনে অবৈধ ইটা ভাটাৰ বিৰুদ্ধে প্ৰশাসনে নাটকীয় অভিযান চলাই ২০/২৫ টা ভাটা উচ্ছেদ কৰিছিল যদিওদুই শতাধিক অবৈধ ইটাভাটাৰ ভিতৰত মাত্ৰ ২০/২৫ টা উচ্ছেদ কৰি বাকী ইটা ভাটাৰ সৈতে মেনেজ হৈ মোটা অংকৰ ধন সংগ্ৰহৰ অভিযোগ উঠে। আনহাতে, বিগত বছৰৰ দৰেই এইবেলিও প্ৰশাসন মেনেজ হৈছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us