কামপুৰৰ ৰাঙলু ইজতেমাৰ আয়োজক সমিটিৰ ৰোষত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ

অহা ৬ ৭ আৰু ৮ ফ্ৰেব্ৰুৱাৰীত মধ্য অসমৰ নগাওঁ ৰাঙলুত অনুস্থিত হব সৰ্ববৃহৎ ইজতেমা। ইজতেমালৈ মাজত মাথো দুটা দিন বাকী থাকোতে সামাজিক মাধম্যত বিয়পি পৰিছে এক উৰা বাতৰি।

author-image
Asomiya Pratidin
New Update
sjuhfgweyutr7we

ডিজিটেল সংবাদ, কামপুৰঃ অহা ৬ ৭ আৰু ৮ ফ্ৰেব্ৰুৱাৰীত মধ্য অসমৰ নগাওঁ ৰাঙলুত অনুস্থিত হব সৰ্ববৃহৎ ইজতেমা। ইজতেমালৈ মাজত মাথো দুটা দিন বাকী থাকোতে সামাজিক মাধম্যত বিয়পি পৰিছে এক উৰা বাতৰি। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এই ইজতেমা লৈ নগদ ৫ লক্ষধিক্ষ টকা সাহায্য তথা বিশিষ্ট ব্যক্তি হিচাপে ইজতেমালৈ নিমন্ত্ৰণ পোৱা খবৰ টোৱে এতিয়া তোলপাৰ লগাইছে সামাজিক মাধ্যমত। এই ভুৱা খবৰটো বিয়পি পৰা কাৰ্যক ৰাঙলু ইজতেমাৰ আয়োজক সমিটিয়ে মানি লব পৰা নাই।

জানিব পৰা মতে, সাংসদ গৌৰৱ গগৈৰ পৰা ৫ লক্ষধিক টকা সাহায্য পোৱাটো পাছৰে কথা তেওঁক উক্ত ইজতেমালৈ নিমন্ত্ৰণেই জনোৱা নাই আয়োজক সমিটিয়ে। কি কাৰণত কোনে এই ভুল বাৰ্তা সামাজিক মাধ্যমত বিয়পি পৰিছে তাকে লৈ সকলোৱে আচৰিত হৈ পৰিছে। এনে ধৰণৰ ভুল বাৰ্তা আৰু ধৰ্মীয় কাৰ্য্যকলাপত আঘাত হানি পৰিশেষ বিনষ্ট কৰাৰ বাবে সকলোৱে ধিক্কাৰ দিছে সাংসদ গৰাকীক। কোনে কি কাৰণত এনে ভুল তথ্য প্ৰচাৰ কৰিলে তাকে লৈ চিন্তিত সচেতন মহল। এনে কাৰ্য্যক বিৰোধ কৰি অৱশেষত আৰক্ষীৰ কাষ চাপিছে আয়োজক সমিটি।

গৌৰৱ গগৈ