/asomiyapratidin/media/media_files/2025/08/19/iitg-19-2025-08-19-19-31-11.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ দীৰ্ঘদিনীয়া প্ৰত্যাহ্বান যেনে- বাৰ্ষিক বানপানী, বানপানীৰ আশংকা, নদীৰ পাৰৰ খহনীয়া আৰু বহনক্ষম জলসম্পদ ব্যৱস্থাপনা আদিৰ সৈতে মোকাবিলা কৰিবলৈ অসম চৰকাৰে উন্নত কাৰিকৰী ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যেৰে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। অসম চৰকাৰৰ জলসম্পদ বিভাগ (WRD) আৰু ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটী (IITG)ৰ মাজত বিগত ২২ মে’, ২০২৫ তাৰিখে হোৱা বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুসৰি বান আশংকা আৰু জলসম্পদ ব্যৱস্থাপনাৰ দুবছৰীয়া অংশকালীন অনলাইন মাষ্টাৰ অৱ টেকন’লজি (M.Tech) কাৰ্যসূচী আৰম্ভ কৰা হয়।
এই কাৰ্যসূচীৰ আৰ্হি একচেটিয়াভাৱে জলসম্পদ বিভাগত কৰ্মৰত অভিযন্তাসকলৰ লগতে অন্যান্য বিভাগৰ আগ্ৰহী অভিযন্তাসকলৰ বাবে প্ৰস্তুত কৰা হৈছে।প্ৰথম বৰ্ষৰ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ উপলক্ষে আজি পুৱা ১১ বজাৰ পৰা আই আই টি গুৱাহাটীত এক দিকদৰ্শন কাৰ্যসূচী (Orientation Programme)অনুষ্ঠিত হয়, য’ত জলসম্পদ বিভাগৰ অভিযন্তাসকলক আনুষ্ঠানিকভাৱে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হয়।
অনুষ্ঠানত অসম চৰকাৰৰ বিশেষ মুখ্য সচিব চৈয়দৈন আব্বাছি; আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহাল; ফ্ৰেমাৰ অধ্যক্ষ ড০ জীৱন বাসৱৰাজৰ লগতে আই আই টি গুৱাহাটীৰ জ্যেষ্ঠ অধ্যাপকসকল, অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰী আৰু জলসম্পদ বিভাগৰ বিষয়াসকল উপস্থিত থাকে। কাৰ্যসূচীৰ সময়ত,আই আই টি গুৱাহাটীৰ অধ্যাপকসকলে কাৰিকৰী আৰু প্ৰয়োগমূলক বিষয়সমূহৰ বিস্তৃত পৰিসৰ সামৰি লোৱা এই পাঠ্যক্ৰমৰ ৰূপৰেখা দাঙি ধৰে, য’ত সন্নিৱিষ্ট আছে-
• জল-তথ্যবিজ্ঞান
• সংহত জলসম্পদ ব্যৱস্থাপনা
• জল-ৰূপতাত্ত্বিক অধ্যয়ন
• গেদ পৰিবহণ
• বানপানী আৰু খহনীয়া সুৰক্ষাৰ গঠন
• প্ৰকৃতিভিত্তিক সমাধান
• মাটি আৰু সামগ্ৰীৰ গৱেষণা
• পেছাদাৰীসকলৰ বাবে অত্যাৱশ্যকীয়কাৰিকৰী দক্ষতা
এই পাঠ্যক্ৰম কৰ্মৰত পেছাদাৰী অভিযন্তাসকলৰ সময়সূচী অনুসৰি বিশেষভাৱে ডিজাইন কৰা হৈছে, যাৰ বাবে অংশগ্ৰহণকাৰীসকলে বিভাগীয় দায়িত্ব আৰু শৈক্ষিক যাত্ৰাৰ মাজত সমান্তৰালভাৱে ভাৰসাম্য ৰক্ষা কৰিব পাৰিব। অসমৰ জলসম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ দীৰ্ঘম্যাদী তথা বহনক্ষম সমাধানত অৰিহণা যোগাব বুলি আশা কৰা এই পদক্ষেপে জলসম্পদ বিভাগৰ কৰ্মচাৰীসকলৰ কাৰিকৰী বিশেষজ্ঞতাও শক্তিশালী কৰিব।
উল্লেখ্য যে, এয়া বিশ্ব বেংকৰ সহযোগত অসমৰ নদী অৱবাহিকা সুসংহতকৰণ ব্যৱস্থাপনা কাৰ্যসূচী (AIRBMP)ৰ ১০ বছৰীয়া বহু পৰ্যায়ৰ পদক্ষেপৰ এক মূল উপাদান। অসম চৰকাৰে ভাৰত চৰকাৰৰ জৰিয়তে, বিশ্ব বেংকৰ কাৰিকৰী আৰু আৰ্থিক সাহায্যৰে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। অসমৰ বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ (FREMAA) হৈছে এই কাৰ্যসূচীৰ প্ৰকল্প ব্যৱস্থাপনা গোট, আৰু আনহাতে জলসম্পদ বিভাগ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA) হৈছে এই কাৰ্যসূচীৰ প্ৰধান প্ৰকল্প ৰূপায়ণ গোট।
অভিযন্তাসকলক উন্নত শিক্ষণ আৰু দক্ষতাৰে সজ্জিত কৰি এই কাৰ্যসূচীয়ে বানপানীৰ বিপদাশংকা হ্ৰাস আৰু বহনক্ষম জলসম্পদ ব্যৱস্থাপনাৰ বাবে সংহত, প্ৰকৃতিভিত্তিক আৰু অগাঁথনিগত সমাধানৰ প্ৰতি অসমৰ দায়বদ্ধতাক শক্তিশালী কৰিব। এই যুগান্তকাৰী পদক্ষেপে সহিষ্ণু অসম গঢ়ি জলসম্পৰ্কীয় বিপদৰ পৰা আমাৰ সমাজখনক সুৰক্ষিত কৰিব বুলি আমি আশাবাদী।